পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫০
অসমীয়া সাহিত্যৰ চানেকি।

হেন সুনি হিৰনাৰ ক্ৰুধ তৈলা মন।
দুৰাচাৰ পুত্ৰ তঞি কিনো অগিজান॥ ৬
কোঠেৰ হৰিক সুমৰস দুৰাচাৰ।
আমাৰ বংশত তঞি ভৈলি কুলাঙ্গাৰ॥
পুনোৰপি প্ৰহ্লাদে সুমৰে হৰি হৰি।
ৰাজা বুলে পুত্ৰ-নতু পঢ়ে সিসু ধোবি॥ ৭
সিকাৰণে মন্দ বাক্য উপজে মনোত।
বয়স ভৈল সে জানিবেক সাৰ তত্ত্ব॥
হেন মনে গুনি ৰাজা নপান্ত উপাই।
দৈত্য গুৰু শুক্ৰক জে অনাইলা মতাই॥ ৮
জান্তে লৈআ জাহা গুৰু থৈবে নুজুৱাই।
মোৰ পুত্ৰ প্ৰহ্লাদক দিওক পঢ়াই॥
ৰাজাৰ বচনে শুক্ৰ চালিলেক গাৱ।
প্ৰহ্লাদক লৈআ গৈলা আপুনাৰ থাৱ॥
শুক্ৰ জে বদতি সুনা ৰাজাৰ তনয়।
পিতৃৰ বচনে তুমি পঢ়িবে লাগঅ॥
প্ৰহ্লাদে মাতন্ত পাচে শুক্ৰ মুখ চাই।
পোঢ়িবাৰ উপদেস দিওক বুজাই॥
সণ্ঢামৰ্ক নামে দুও শুক্ৰৰ তনয়।
প্ৰহ্লাদক পঢ়াৱন্ত সাস্ত্ৰ বামানয়॥
হেন সুনি প্ৰহ্লাদে সুমৰে হৰি হৰি।
বামানয় শাস্ত্ৰ গুৰু পঢ়ো কেনকোৰি॥
কিবা শাস্ত্ৰ পোঢ়িবু পোঢ়িতে নাহি জ্ঞান।
জন্মে জন্মে হৌক মোৰ হৰিতে ধিআন॥
হৰি হেন বানি নচাড়োক সৰ্ব্বক্ষন।
সুনি শুক্ৰ গুৰু পাচে ক্ৰূধ ভৈলা মন॥
তাৱক্ষনে গৈলা গুৰু নৃপতিৰ ঠাঞি।
তজু পুত্ৰ প্ৰহ্লাদক পঢ়ান নজাই॥
মঞি উপদেস জত দেঞো ভাল কোৰি।
তাক এৰি প্ৰহ্লাদে সুমৰে হৰি হৰি॥