পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হেম সৰস্বতী।
প্ৰহ্লাদ চৰিত্ৰ।

জয় নমো নাৰায়ন বৈকুণ্ঠৰ পোতি।
তোমাৰ চৰনে লৈলো সৰন সম্প্ৰোতি॥
বামন পুৰান ইতো প্ৰহ্লাদ চৰিত্ৰ।
হেম সৰোচতি বিৰচিলা ইতো কৃত্য॥
এক দিনা দেৱগনে চিন্তিলা উপাই।
জেন মতে দুৰাচাৰ দৈত্য বধ জাই॥
সৱে দেৱ চলি গৈলা বিষ্টুৰ সভাক।
আদসিও প্ৰভুদেৱ ৰাখিও আমাক॥
হিৰণ্য দৈত্যৰ পাষে খাটে সবে দেৱ।
তুমি বিনে ৰক্ষাকৰ্ত্তা আন নাহি কেৱ॥
সুনি নাৰায়নে দিলা দেৱক উপাই।
থাকিও নিৰ্ভএ দৈত্য বধিবুহুঁ মঞি॥
এহি বুলি নাৰায়নে সভা বিসোৰ্জ্জিলা।
আপুন থানক দেৱগন চলি গৈলা॥
হিৰণ্যৰ পুত্ৰ ভৈলা বৈষ্ণৱ প্ৰহ্লাদ।
এক দিনা পিতাপুত্ৰে লাগিলা বিবাদ॥
সেহি দিনা প্ৰভুদেৱ জগতৰ পতি।
আদেসিলা বিবাদ লগাইলা সৰোচতি॥
স্বামিৰ বচন দেবি কৰি সিৰোগত।
প্ৰবেসিলা সৰোচতি তাহাৰ কণ্ঠোত॥
সেহি বেলা প্ৰহ্লাদে বৈষ্টৱ ৰূপ ধোৰি।
হিৰন্যৰ আগে গৈয়া সুমৰিলা হৰি॥