পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
অসমীয়া সাহিত্যৰ চানেকি।

শিশু মাধৱক তিনি লোকত বিদিত।
ভকত জনাৰ নানাৰূপে সন্নিহিত॥
একৰূপে হৰি ব্ৰহ্মৰূপে অৱতাৰ।
চক্ষুয়ে দেখিলে সংসাৰত পাই পাৰ॥
দ্ৰব ব্ৰহ্ম গলে তাতে কৰি স্নান।
পাপক এৰায় চলে বৈকুণ্ঠ ভুবন॥
আখৰ ব্ৰহ্মৰূপ বেদ পুৰাণ ভাৰত।
পঢ়িলে নিলে থাকে বৈকুণ্ঠ পুৰত॥
হেন জানি একচিত্তে শুনিবা ভাৰত।
হৰিত ভকতি হৈৰ অচিৰে কালত॥
জ্ঞানে বা অজ্ঞানে যত পাপক সাঞ্চিয়া।
তাকে বিনাশিবা যম পুৰক বাঞ্ছিয়া॥
সাতকী প্ৰবেশ এহি মানে সমাপতি।
হৰিৰ সেৱক ৰুদ্ৰ কন্দলী বদতি॥
মহা ভাৰতৰ পদ অতি মনোহৰ।
কৰ্ণ ভৰি শুনা আক পাপ যাউক দূৰ॥