পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৬
অসমীয়া সাহিত্যৰ চানেকি।

দশো দিশে গলাৰাৱ দ্ৰোণে শুনিলন্ত।
উচিত জানিয়া তক নেদন্ত সিদ্ধান্ত।
শুনি নুশুনিলা যেন পশিলা সেনাত।
শৰ বৃষ্টি কৰি সেনা কৰন্ত নিপাত॥
মধ্যাহ্ন বেলাত যেন প্ৰচণ্ড মাৰ্ত্তণ্ড।
হয় হস্তী ৰথক কৰন্ত খণ্ড খণ্ড॥
সকল পাণ্ডবগণে পাইল বিমুখে।
ব্ৰহ্মা ক্ষেত্ৰে ধাইলা পাচে দ্ৰোণক সমুখে॥
দ্ৰোপদৰ পুত্ৰ ধৃষ্টদুম্নৰ তনয়।
যুদ্ধত কুশল শুভানয় আতিশয়॥
অৰ্দ্ধচন্দ্ৰ বাণ হানি কাটিলন্ত ধনু।
দ্ৰোণৰো সত্বৰি শৰে ভেদিলন্ত তনু॥
ব্ৰহ্মক্ষেত্ৰে তঙ্গি ভৰদ্বাজৰ নন্দন।
আছাৰিয়া পেলাইলন্ত কাটা ধনুখান॥
আন ধনু ধৰিয়া তেখনে গুণ দিলা।
যমদণ্ড সম শৰ গুণত যুৰিলা॥
কৰ্ণ মানে ধনু টানি পঠাইল খেপিয়া।
হৃদয়ত পৰি শৰ গৈল উফৰিয়া॥
সেহি শৰে মৰি গৈলা ৰাজাৰ কুমাৰ।
চেকিতান ভৈলা পাচে সম্মুখ দ্ৰোণৰ॥
দ্ৰোণৰ হৃদয়ে ভেদিলন্ত দশ শৰ।
শৰ হানি বেগ তম্ভাইল ঘোটকৰ॥
দুই শৰ হানিয়া ধ্বজক কম্পাইলা।
চাৰি শৰ মাৰিয়া সাৰথি ওফৰাইলা॥
থিয় হুয়া সাৰথি ৰথক কৰি থিৰ।
ধনু ধৰি সম্মুখ তৈলন্ত দ্ৰোণ বীৰ॥
দশ শৰে হৃদয়ত কৰিলা সন্ধান।
দক্ষিণ ভুজত প্ৰৰিল কৰি বাণ॥
ধ্বজক ষোঁড়শ বাণে কৰিলা সন্ধান।
সাত শৰ হানি সাৰথিৰ লৈলা প্ৰাণ॥