পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৫
ৰুদ্ৰ কন্দলী

জৰাসন্ধ সুত যেবে যম ঘৰ গৈলা।
তাৰ এক শত শৰ একেবাৰে ধাইলা॥
একশত শৰে সৰে তাসম্বাৰো লৈলা প্ৰাণ।
বীৰগণ মৰিল পলাইলা ৰথ খান॥
সি বেলাত দ্ৰোণক ধাইলেক যেহি বীৰ।
তাহাৰ নিবাস ভৈল যমৰ মন্দিৰ॥
প্ৰলয়ৰ বহ্নি যেন সংহৰন্ত প্ৰজা।
আনন্দে চাহিয়া আছে দুৰ্য্যোধন ৰাজা॥
সকল পাঞ্চাল বলে হুয়া এক জুৰি।
অস্ত্ৰ শস্ত্ৰ প্ৰহাৰিলা দশে দিশে বেঢ়ি॥
অস্ত্ৰ শস্ত্ৰ হানিয়া দ্ৰোণক পাৰে গালি।
মৰিলে মৰিলে ব্ৰহ্মবধী পাপশালী॥
কিসক লাগিয়া ব্ৰহ্ম কুলে উপজিলি।
ফিক লাগিয়া তুমি তপ আচৰিলি॥
পুৰাণ সংহিতা পৰিলাহা চাৰি বেদ।
ধৰ্ম্মৰো শাস্ত্ৰৰো তুমি জানা অবিচ্ছেদ॥
কোন শাস্ত্ৰ বলে ব্ৰাহ্মণৰ হিংসা ধৰ্ম্ম।
কিস লাগি এৰিলাহা আপোনাৰ কৰ্ম্ম॥
নিসঞ্চি কৰিলা তুমি পাঞ্চাল সেনাক।
কত ধন ধাৰি ভৈলা কৌৰব ৰাজাক॥
সুজিবাক নোৱাৰিবা বাহুতে যুজিয়া।
বাপুতেয়ো মৰি যাইবা বিত্ত নুসুজিয়া॥
তপ জপ কৰি অন্য ৰীৰ স্বৰ্গে যায়।
তোঠেৰ বাপুতেৰ বা হৈব কোন ঠাই॥
আমাক মাৰিলে জানো তুমি ৰক্ষা পাইবা।
পেটৰ ভাতক লাগি অধোগতি যাইবা॥
সপি মাৰিবাক পাৰা কেনে কৰা যুদ্ধ।
কিসক লাগিয়া হাতে ধৰিলা আয়ুধ॥
প্ৰজা মাৰিবাৰ ফলে কৌৰৱ নৃপতি।
পুত্ৰ পৌত্ৰ মৰিয়া যাইবে অধোগতি॥