পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪
অসমীয়া সাহিত্যৰ চানেকি।

আতোপ টঙ্কাৰ কৰি গদা প্ৰহাৰিল।
গা পাকে জাকে কে অগ্নি নিকলিল॥
দ্ৰোণে দেখিলন্ত বৰ গদাৰ প্ৰহাৰ।
কৰিলেক হাজাৰে গাৰ প্ৰহাৰ॥
খণ্ড খণ্ড হুয়া গদ্য ভূমিত পৰিল।
গগণ মণ্ডলে যেন তাৰা সঞ্চৰিল॥
গদা ভঙ্গ ভৈলন্ত খঙ্গাইল নৃপবৰ।
শকতি হানিয়া পাচে হানিলা তোমৰ॥
ভৰদ্বাজ তনয় যুদ্ধত নঘটিল।
তিতিনি সায়কে শক্তি তোমৰ কাটিল॥
যম সম শৰ তুলি লৈল গুৰু দ্ৰোণে।
খেপিয়া পঠাইলা তাক মাৰিবাক মনে॥
কবচ ভেদিয়া তাৰ হৃদয় ভেদিল।
শৰৰ প্ৰহাৰে ৰাজা ভূমিত পৰিল॥
ধৃষ্টকেতু মৰিলন্ত এক বাণ ঘাৱে।
হাহাকাৰ কৰিলন্ত সকল পাণ্ডৱে॥
বাপৰ সন্তাপে ধাইল তাহাৰ কুমাৰ।
দ্ৰোণক কৰিল দৃঢ় শৰৰ প্ৰহাৰ॥
তাকে এক শৰ হানি নিলা সঞ্জমনি।
পাণ্ডৱ দলত ভৈল হাঁহাঁকাৰ বাণী॥
বাঘৰ আগত যেন মৃগৰ ছৱাল।
পতঙ্গক ভুঞ্জে যেন বুভুক্ষিত ব্যাল॥
ধৃষ্টকেতু মাৰিলেক পুত্ৰ সমন্বিতে।
মহা ক্ৰোধে ধাইল পাচে জৰাসন্ধ সুতে॥
দ্ৰোণৰ ৰখক ঢাকিলেক শৰ বেগে।
ভাস্কৰক ঢাকে যেন বাৰিষাৰ মেঘে।
তাহাৰ বিক্ৰম দেখি দ্ৰোণৰ বিস্ময়।
শৰ ছোট পায়া বৰ শৰীৰ কাম্পন্ন॥
ধনু টানি টানি তাক প্ৰহাৰয় শৰ।
শৰৰ সন্ধানে তাক নিলা যম ঘৰ॥