পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৩
ৰুদ্ৰ কন্দলী

ধৃষ্টকেতু ৰাজা দেখে দ্ৰোণৰ বিক্ৰম।
সাৰথিৰ মুখ চাই বুলিলা বচন।
হেৰা দেখা কৈকেয়ৰ সেনা যাই ভাগি।
ৰথ খান আমাৰ বাহিয়ো তাক লাগি॥
ৰাজাৰ বচন শুনি সাৰথি সুজান।
দ্ৰোণৰ সম্মুখে বাহিলন্ত ৰথ খান॥
ধনু খান টঙ্কাৰ কৰিলা শীঘ্ৰ কৰি।
যেন অগণিক লাগি পতঙ্গৰ ধৰি॥
যাঠি শৰে দ্ৰোণক তাৰিলা বাম কাখে।
দুনাই পঞ্চিশ শৰে হানিলা সম্মুখে॥
ঘোটকক সাৰথিক ভেদি দোদোবানে।
সুপুত সিংহক যেন জগাইল চৰণে॥
গুৰু দ্ৰোণে তাহাৰ কাটিলা ধনুখান।
হৃদয়ত কৰিলেক শৰৰ সন্ধান॥
আন ধনু ধৰি শিশুপালৰ নন্দন।
দ্ৰোণৰ হৃদয়ে হানিলন্ত ষাঠি বাণ॥
ক্ৰোধে গুৰু দ্ৰোণে তাৰ সাৰথি কাটিল।
চাৰি শৰ মাৰি চাৰি ঘোৰাক মাৰিল॥
কঙ্ক পাখি চায়া আছে তীক্ষ পঞ্চবান।
ৰাজাৰ হৃদয় মাঝে কৰিলা সন্ধান॥
ৰথ ভঙ্গে ধৃষ্টকেতু ভূমিগত ভৈল।
বাপেকৰ মহা গদা হাতে তুলি লৈল॥
অসুৰৰ বিশ্বকৰ্ম্ম ময় যাৰ নাম।
নিৰ্ম্মিলন্ত গদা গোট আতি অনুপাম॥
সত্বৰে ধৰিল তাক অনেক প্ৰবন্ধে।
অসুৰৰ হন্তে গদা পাইল জৰাসন্ধে॥
জৰাসন্ধে শিশুপাল ৰাজাক দিলন্ত।
গদা ধৰি অনেক ৰাজাক জিনিলন্ত॥
সুবৰ্ণে মাণিকে ৰত্নে দেখি জাতিষ্কাৰ।
সেহি মোক্ষ অস্ত্ৰ ধৃষ্টকেতু যে ৰাজাৰ॥