পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪২
অসমীয়া সাহিত্যৰ চানেকি।

পৃথিবীয়ো খলকিল সাগৰ কম্পিল।
ত্ৰিদশ দেৱৰ মাজে বিস্ময় মিলিল॥
দশে দিশে উল্কা পৰে পৰয় নিৰ্ঘাত।
ৰুধিবৰ বৃষ্টি ভৈলা পাণ্ডবী সেনাত॥
খৰ বায়ু বহে দিবা ভাগে অন্ধকাৰ।
সকল সেনাৰ মাঝে শুনি হাহাকাৰ॥
বল দিয়া হানিলন্ত গুৰু দ্ৰোণে বাণ।
গিৰ গিৰ শব্দে গৈয়া পুৰিল গগণ॥
বৃহক্ষেত্ৰে দেখে ব্ৰহ্ম অস্ত্ৰ আছে চানি।
ব্ৰহ্ম শৰ নিবাৰিলা ব্ৰহ্ম অস্ত্ৰ হানি॥
দুনাই পঞ্চাশ শৰে ভেদিলা দ্ৰোণক।
দ্ৰোণৰ হৃদয়ে লাগি গৈলা থকবক॥
সুস্থ হুয়া গুৰু দ্ৰোণে মনে গুণি পাইলা।
কৃষ্ণ বৰ্ণ সম শৰ হানিয়া পঠাইলা॥
ধৰণীক গৈল বাণ ভেদিয়া হৃদয়।
শৰ ছোটে কাম্পে ৰাজা থিৰ নোহ কায়॥
গুঞ্জ হেন চক্ষু ফুৰাই চাহিলা দ্ৰোণক।
হৃদয়ত ভেদিলন্ত সত্তৰি সায়ক॥
সাৰথিকো দুই শৰে বাহুত তাৰিল।
পৰম আনন্দে এক আটাস কৰিল॥
সিংহ নাদ কৰি দ্ৰোণে দুগুণে কিটাইল।
নিৰন্তৰে কৈকেয়ক শৰ বৰষিল॥
বিস্তৰ কৰি শৰ কৈকেয় নৃপতি।
হানন্তে কাটন্তে বীৰ হৈল আশকতি॥
কৈকেয়ৰ বিহ্বল স্বভাব দেখি দ্ৰোণে।
যাঠি শৰে হৃদয়ত হানিলা সন্ধানে।
প্ৰাণ ছাৰি গৈল তাৰ শৰৰ ছোটত।
ৰথ হৈতে ৰাজা ঢলি পৰিল ভূমিত॥
ৰাজাক ঢালিয়া গুৰু পশিল সেনাত।
হয় হস্তী ৰথক মাৰন্ত অসংখ্যাত॥