পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪১
ৰুদ্ৰ কন্দলী

কৌতুহলে পাণ্ডুগণে ৰাজাক বেঢিলা ।
সাধু সাধু বুলিয়া ৰাজাক প্রশংসিলা ॥
দুর্য্যোধনে কতক্ষণে চেতনক পায়।
যুদ্ধ চাহি থাকিলন্ত দুৰত থাকিয়া॥
পাণ্ডৱৰ জয় কৌৰৱৰ ভঙ্গ দেখি।
ক্রোধে গুৰু দ্রোণ ধাইলা খানিকো নপেখি॥
মনে মনে ধাইলা গুৰু দ্ৰোণৰ নন্দন।
হুৰা মােক চায়া আছে ৰাজা দুর্য্যোধন॥
ইবেলাত যদি মই নকৰো সমৰ।
বুলিবেক দ্ৰোণে খতি খাইলে পাণ্ডৱৰ॥
মনে মনে গুণি পাচে সেনাত পশিল।
ব্ৰহ্মাস্ত্ৰক হানি হানি কৰন্ত নিৰ্ম্মূল॥
যেহি বীৰে যুজে সেহি লাহাৰি নসহে।
ভাগি ভাগি পলাই স্বীৰ আগত নৰহে॥
কৈকেয়ৰ ৰাজা ব্ৰ্হ্মক্ষেত্ৰ বুলি যাক।
মাৰিলেক দ্ৰোণক লাগিয়া সাত জাক
দ্ৰোণে হানিলেক তাক যােড়শ সায়কে।
মহাবেগে চলি যাই কৈকেয় ৰাজাকে॥
ব্ৰহ্মক্ষেত্রে দেখে শৰ আসে আকাশতে।
নৱ নৱ শৰ হানি কাটিলা বাটতে॥
কৈকেয় ৰাজাৰ বৰ বিক্ৰমক দেখি।
আউৰ শৰ হানিলন্ত খানিক নাপেখি॥
তাকো শৰ হানি কাটি পেলাইলন্ত পাচে।
দুৰ্য্যোধনে দেখিয়া বিস্ময় হুয়া আছে॥
দ্রোণে যত হানিলন্ত কাটিল কৈকেয়।
দ্ৰোণেও থােথোৰা বাটি থাকিলন্ত তয়॥
কতােক্ষণে ব্ৰহ্ম অস্ত্র মনে গুণি পাইল।
অস্ত্ৰ অভিষেক কৰি গুণত চৰাইল॥
যেতিক্ষণে ব্ৰহ্ম অস্ত্র গুণে জানি থৈল।
ধনুৰ্গুণ হন্তে শৰ বজাইবাক লৈল॥