পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৪
অসমীয়া সাহিত্যৰ চানেকি

সবে নষ্ট কৰিলা কাটি কুজ্ঞান কুবান্ধ
বৈকুন্ঠে যাইবে কৰিলা পয়ান॥
সেহি বেলা কৃষ্ণে বোলে বাক্য সিঘ্ৰ কৰি।
আহা মোৰ হাতক শুনি চক্ৰে পাচে নাথাকিলা ৰৈ।
বিষ্ণুৰ পাসক সিঘ্ৰে পাইলা গৈ॥
নিৰঞ্জন হৰি হাতে চক্ৰ ধৰি।
প্ৰিথিবিক লাগি আসিলা দেবহৰি॥
প্ৰিথিবিক লাগি আসিলা নাৰায়ন।
নৰকাসুৰক বধিবাক মন ,
শুনিলা নৰক আসিলা হৰি॥
উঠিয়া ধাইলা গজ কন্ধে চৰি।
গোৰুৰক লাগি প্ৰহাৰিলা সুল॥
চক্ৰে কাটি হৰি কৰিলা নিৰ্ম্মুল।
দেখি নাৰায়নে হাতে চক্ৰ ধৰি॥
প্ৰহাৰ কৰিলা হৰি হুঙ্কাৰ কোৰি।
বিষ্ণু চক্ৰে খেদি জাই কুজ্ঞান কুমন্ত্ৰ কাটি ফেলাই,
সুদৰ্শন চক্ৰে খেদি লাগ পাইলা॥
নৰকৰ সিৰ কাটিয়া ফেলাইলা।
গজ কন্ধে হস্তে পৰিলা ঢলি॥
কম্পিলা মহি খণ্ড খণ্ড কোৰি।
অসুৰৰ বধ সুনি জত বিৰ॥
আসিলেক খেদি ঝাঙ্কাৰি সিৰ।
হাতে সুলধৰি আসিলা ধাই॥
সবাক কাটিলা চক্ৰে লাগ পাই।
আৰু অৱশেষ যত বিষ আছে॥
সৱাকো।বিষ্ণুচক্ৰে কাটিলা পাছে।
কুজ্ঞান কুমন্ত্ৰ কাটিয়া ফেলাইলা॥
তেৱ চক্ৰপাট নিজ থানে গৈলা
চক্ৰৰ জন্ম সমাপতি ভৈলা।
হং হংকাৰ সুদৰ্শন চক্ৰৰ হুঙ্কাৰ॥