পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
অসমীয়া সাহিত্যৰ চানেকি

তবে বিষ্ণু চক্ৰ পূব দিশে গৈলা।
পুবৰ দেৱক কাটিয়া ফেলাইলা॥
তবে বিষ্ণু চক্ৰ পাত যমপুৰে গৈলা।
যমৰ দুতক কাটিয়া ফেলাইলা॥
তবে বিষ্ণুচক্ৰ গৈলা বৰুনৰ ঠাই।
কাটিয়া বৰুন বান কৰিলা খণ্ড খণ্ড॥
উত্তৰে কুবিৰৰ ঠাইক চলিলা।
বান বিষ ব্যাধি কাটিয়া ফেলাইলা॥
তবে চক্ৰ খণ্ড ব্ৰহ্মলোকে গৈলা।
মহাত্ৰাসে ব্ৰহ্মা আসি পৰিলা॥
চক্ৰৰ আগত ব্ৰহ্মা দন্দবতে পৰি।
কৰিলা অনেক স্তুতি ভকতি॥
তুমি নাৰায়ণ তুমি বিষ্ণু মুৰ্ত্তি।
দৈত্য নিপাতক তুমি নিৰঞ্জন॥
কি কাৰ্য্যে আসিলা আমাৰ ঠাই।
চক্ৰে বুলে মোক পাঞ্চিলা হৰি॥
দেবতাৰ কুজ্ঞান কুমন্ত্ৰ দিয়া বাজ কোৰি।
শুনি ব্ৰহ্মা পাচে বৰ ভয় ভৈলা॥
স্বৰ্গৰ দেৱৰ কুমন্ত্ৰক হুঙ্কাৰিলা।
চক্ৰৰ আগত দিলা আনি ধৰি॥
কাটিলা চক্ৰে খণ্ড খণ্ড কৰি।
তবে বিষ্ণু চক্ৰ কৈলাসক গৈলা॥
শুনি মহেস্বৰে বৰ ভয় ভৈলা।
আঠে ব্যেঠে কৰি আসিলা লৰি॥
মহেসৰ সজে আসিলা গৌৰি।
বিষ্ণুৰ চক্ৰক কৰিলা সেৱ॥
কৃতাঞ্জলি কৰি মাতে মহাদেৱ।
দানব নাসক তুমি দেৱ নাৰায়ণ॥
কি কাৰ্য্যে আসিলা আমাৰ ঠান।
চক্ৰে বোলে সুনা তুমি সুলপানী।।