পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
 

সৰস্বতি দেবি মাত্ৰি মোৰ কণ্ঠাগত।
বৈকণ্ঠ ভুবনে বসি আছে নাৰায়নে॥
হাতত প্ৰকাস কৰে চক্ৰ সুদৰ্শন।
জগতৰ সাক্ষি প্ৰভু তুমি চক্ৰধাৰি॥
মনত গুনিলা প্ৰভু হেঠ মাথা কৰি।
মনুস্যক মাৰি যেবে দেৱে কৰে ঠাই॥
নৰ মনুস্যক প্ৰভু ৰক্ষা কৰা জাই॥
গসাই বলে চক্ৰ মনুস্যক জায়া।
দত্য দানবক কাটিয়া পেলায়া॥
গোসাইৰ হুঙ্কাৰে চক্ৰ গৈলা ধাই।
তৃদশ দেৱে ভাঙ্গিয়া পলাই।
প্ৰিথিবি লৰিলা মেৰু গিৰি টলিলেক।
সাগৰ টলিলা মন্দাৰ লৰিলা॥
কম্পিলা স্বৰ্গ মণ্ডল॥
বৈকুণ্ঠৰ পৰা প্ৰভু কৰিলা হুঙ্কাৰ।
চল চল চল চক্ৰ গগন সঞ্চাৰ॥
গোসাইৰ হুঙ্কাৰে চক্ৰ প্ৰচণ্ড।
স্বৰ্গে চলি গৈলা কম্পে স্বৰ্গখণ্ড॥
যত দেবগনক চক্ৰে লগ পাইলা।
খণ্ড খণ্ড কৰি কাটিয়া ফেলাইলা॥
কুজ্ঞান কুমন্ত্ৰ খেদি লাগ পাইলা।
তৈৰ পৰা চক্ৰ পাতালক গৈলা॥
দেখি নাগগন পলাইবাক লৈলা॥
সুদৰ্শন চক্ৰ মহা কোপ কৰি।
নাগ নাগিনীক কাটিলা ধৰি॥
তৈৰ পৰা চক্ৰ সাগৰক গৈলা।
জলৰ জন্তুক কাটিয়া ফেলাইলা॥
তবে বিষ্ণু চক্ৰ পৰ্ব্বতক গৈলা।
সমস্ত দেবক কাটিয়া ফেলাইলা॥

১১