পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
মন্ত্ৰ আৰু ভণিতা যুগ।

দুখন পাখি আকাশে সম্বল।
বজ্ৰনখৰ ঘাৱে বোসুমতী ফালে॥
কালি বোলে সুনা পখিৰাজ।
মোক কেনে কৰা এত মানে লাজ॥
যত দেৱ আছে মোহোৰ লগত।
বান্ধি আনি দিও তোমাৰ হাতোত॥
সুনি পখিৰাজে মহা ক্ৰোধ ভৈলা।
তেখনে দেৱ সবোকা বান্ধিলা॥
কালি দেবোক খেদিয়া গৈলা।
কালিকাৰ মায়া মানে সবাকো বান্ধিলা॥
ব্ৰহ্ম নখোৰ ঘাৱে বোসুমতী কম্পিলা।
কাম্পে বসুমতী তাহাত মুচিলা॥
বোসুমতী বোলে সুনা পখিৰাজ।
কিসক আসিলা আমাৰ সমাজ॥
পখিৰাজে বোলে সুনা বোসুমতী আই।
আসিয়াছো মই তোমাৰ ঠাই॥
যত দেৱ আছে তোমাৰ কাসে।
বান্ধি আনি দিবা আমাৰ কাসত॥
শুনি বোসুমতী কম্পমান ভৈলা।
একশ গোলাইক বান্ধি আনি দিলা॥
আনিবাক দেখি মনে ৰঙ্গ ভৈলা।
তেখনে গলাইক চপাই বান্ধিলা॥
বোসুমতী বোলে বান্ধিয়া থৈলা।
বোলে বোসুমতী তোমাৰ গুণ গাওঁ॥
থিই তজ গলাই আছে তোমাৰ কুল দেওঁ।
দেখিলা ব্ৰহ্মা মহেশ্বৰে ডৰে॥
নাম তাৰ জটীয়া মুণ্ডে আছে জটা।
পেত তাৰ ভৰা পেত চক্ষু কটাৰতা॥
আকত গোলাইক বান্ধো।
দন্তুআ গোলাইক বান্ধো॥