পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
গাৱঁলীয়া গীত ।

মাতিলে মাতিবা,  নমতাক নেমাতা,
 দন্দুৱাত নহবা সাখী।
বাটৰ ৰাটৰুৱাক,  বাট ছড়ি দিবা,
 আপোনাৰ মানকে ৰাখি॥
দালত বন্দী হল,  দালৰে হৰিতাল,
 লালীত বন্দী হল মাখি। '
কামিনীৰ লগতে  পুৰুষ বন্দী হল,
 ধুৰত বন্দী হলে হাতী॥
দাল কাটি মোকলা  দালৰে হৰিতাল,
 পানী দি মোকলা মাখি।
হৰিৰ নাম দিয়ে  পুত্ৰ মোকলাবি
 ধুৰ কাটি মোকলা হাতী॥