পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
অসমীয়া সাহিত্যৰ চানেকি।

বৈসাখৰ মাসতে কন্যা কন্যা পদুমিনী,
চন্দনে চিটিকা দিয়া ভূজাৰৰ পানী।
•ভূজাৰৰ পানী নোহে উত্তম গঙ্গাজল,
বাড়ি ভৰি আছে আমাৰ ডাব নাৰিকল।
আতালত আছে আমাৰ শুকান নাৰিকল,
লাবিতে চাৰিতে দাসীৰ ককাল দুখাল।
গোহাল ভৰি আছে আমাৰ সাত পাঞ্চ গাই,
দৈ দুধ ঘৃত মধু ঘিণতে নাখাই॥
সাউদ বোলোঁ সদাগৰ বোলোঁ ভাই তোমাকে,
ধৰমক চিত্তি তুমি যোৱাঁ ৰাজপথে।

জেঠৰ মাসতে কন্যা ভৰিয়া উঠে বান,
কোন দেশৰ সাউদ তুমি কিবা তোমাৰ নাম।
কোন দেশে থাকা সাউদ কোন দেশে ঘৰ,
কি নাম তোমাৰ মাৰ আবুৰ কি নাম বাপৰ।
বাপৰ নাম বিস্মৰণ মাৱৰ নাম ৰায়াল,
জীৱ গুৰু দিছে নাম নাম তাৰ গাঁৱৰ।

আষাঢ় মাসতে কন্যা আহৰুৱা ৰাতি,
তোমাৰ স্বামী কাটা গৈছে কাঞ্চন পুৰৰ ভাখি।
নাযাইছে নাযাইছে কাটা আমাৰ টিকৰ পতি,
আউলিল হয় মাথাৰ ছূলি ভিজিল হয় বজ্ৰ মুঠি।
হাতৰ দুই মুঠি শাঁখা ভাঙ্গি হল হয় চুৰ,
মোলান পৰিল হয় মোৰ কপালৰ সিন্দুৰ।

শাওণৰ মাসতে কন্যা শাওণীয়া ৰাতি,
আজি ৰাতি কন্যা মই ভূঞ্জিবো সুৰতি।