পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
বিহুৰ নাম

৮।

আতি চেনেহৰ  ফুল বাড়ি পাতিলো
 তাৰ মাজত খৰিকা জাঁই।
আতি চেনেহৰ  পিৰীতি কৰিলো
 থাকিবলৈ নেপালো চাই॥

৯।

এই পিনে কোন গল,  বুকৰে ধন গল
 খোজত মৰি গল বন।
নেমাতি নেচালে  এ কোটি নকলে,
 কেনেবা কৰিছে মন॥

১০।

এই পিনে কোন গল,  মৰমৰ ধন গল,
 মূৰত সোনোৱালী টুপী।
আছে সাত শতুৰু,  মাতিব নোৱাৰো,
 চাও বেৰ জোলোঙ্গাই জুপি॥

১১।

অজাতি কুকুৰা  থাক দুৱাৰ চুকত,
 ভুকুৱাই মাৰিমে তোক।
ৰাতি নৌ পুৱাও‌ঁতে  কিয় ডাক দিলি,
 ধনে এৰি গলে মোক॥

১২।

তোমাৰ বাড়িৰে  ইন্দ্ৰ মালতী
 আমাৰ বাড়িত পৰিল ছাঁ।
দিনৰে দিনটো  নেদেখো বহনাক
 ৰাতি পুড়ি মাৰে গা॥

১৩।

কাউৰীৰ শতুৰু  মুগা ছুঙ্গিয়া,
 পৰিব নিদিয়ে ডালত।
আয়ে বোপায়ে  আমাৰে শতুৰু
  ফুৰিব নিদিয়ে গাঁৱত॥

১৪।

হাঁচতী লাহৰে,  টেমিটি কাঁহৰে,
 কটাৰী মহৰে শিঙ্গ।
আমাৰ পদুলীত  তামোল নেকাটিবা,
 বাকলিত ধৰিব চিন॥