এই-বাবেই “তুলি যাম যশস্যা কৰি।” আৰু ইয়াতেই গোপিনীৰ নাম-গৰিমা
আৰু গোসানীৰ পূৰ্ণ তৃপ্তিৰ মধুৰ সঙ্গম ঘটিছে। এই ভাবকে আৰু কতৰূপে
ব্যক্ত কৰিছে!—
ছহৰ ফুৰি আই আহে এ', মালতীৰে ফুল।
আম-পাতৰ ছাতি মাৰি হৃদয় কৰা জুৰ॥
স্বৰ্গৰ পৰা আই আহে এ’, লগত আছে তৰা।
দুখীয়ালৈ পেলাই দিছে আয়ে ফুলৰ মলা॥
এইদৰে দুপৰীয়া-আবেলি আই-ওলোৱা মানুহৰ কাষত নাইবা ৰাতি আন মানুহ শুই নিহপালি দিয়া সময়ত পাটীত ঢলি অসমীয়া বোৱাৰীসকলে নিচুকনি- ৰূপে লৰাক পিয়াহ দি গোৱা এই নামবোৰৰ সোঁৱৰণে সচাকৈয়ে আজিও যেন দেহ-মন জুৰ কৰে! অকল দেহ-মনেই কিয় বোলোঁ, সংসাৰৰ বাৰ-বুৰি পাপ-তাপত জৰ্জ্জৰিত আত্মাও যেন এই নাম শুনি শীতল পৰে! এই দেখিয়েই নে কি ই শীতলা নামও? এই নামখিনিত আইৰ আগমন অপূৰ্ব্ব মঙ্গলৰ কাৰণ আৰু তেওঁৰ গমন বিশেষ দুৰ্ভাগ্য স্বৰূপে বৰ্ণোৱা হৈছে।—
দেবী আইৰ ঘৰখনি এ’, সুৱৰ্ণৰে কামি।
কিবা পূজা দিব লাগে, নাজানিলে। আমি॥
আই আহি উলটিলে এ', দেখিলে জঞ্জাল।
আমি পাপী নেদেখিলোঁ, অভাগী কপাল॥
নযাইৱাঁ নযাইবৱাঁ মাতৃ আমাক ছাড়িয়া।
তুমি তৰু, আমি লতা, থাকিবোঁ বেড়িয়া॥
ৰাখাঁ ৰাখাঁ আই ৰাখাঁ এ', মায়াৰ বাঘে খায়।
তুমি মাতৃ নাৰাখিলে, ৰাখোঁতা যে নাই॥
এই যে আই, এওঁ জগতৰ আই, অতি দয়ালী-“আই মাতৃ ভগৱতী, আইৰ মান দয়ালী নাই।” সচাকৈয়ে, “নযাইবাঁ নযাইবাঁ মাতৃ” বোলোঁতে যেনেকৈ গভীৰ ভক্তিৰ ভাপত মন একেবাৰে সিজি আইৰ চৰণত লীন হৈ পৰিব খুজিছে, “ৰাখাঁ, ৰাখাঁ, আই ৰাখাঁ” বোলোঁতে সেইদৰে ভয় আৰু অভয়ৰ দোমোজাত ভক্ত হৃদয় একেবাৰে মাতৃৰ চৰণৰ কাষ চাপি পৰিছে।