পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


ওলাইছে; সেই ৰোগ-যন্ত্ৰণাৰ উপশমৰ বাবে ভক্তিমতী গোপিনীসকলে তেতিয়াই সেইজনক বেৰি লৈ নাম জুৰি দিলে,—

উজাই আহিলে, আইৰে সাত ভনী, সাতালি পৰেবত জুৰি।
তৃণ-তৰু-লতা সৱে দোঁৱায় মাথা আই আহিবৰে শুনি॥
সোণৰে চকৰী, উৰে জাকি মাৰি, ৰূপৰে দুখনি পাখি।
ছহৰ ফুৰিবলৈ. আইলোক আহিছে, জীৱ-দান মাগিছোঁ আমি॥
নাজানি সোমালোঁ, আইৰে ফুল-বাৰী, নিচিনি ছিঙিলোঁ কলি৷
ইবাৰৰ দোষকে, ক্ষমিবাঁ ভৱানী, মাতোঁ চৰণত ধৰি॥
দুখীয়াৰ ঘৰলৈ আই-লোক আহিছে, দিবলৈ নাইকিয়া একো।
মূৰৰে কেশেৰে, পাত্ৰে মলচিমে, দেহৰ পাৰি দিম সাঁকো॥
আয়ো আহিছে, বাসীয়ে কান্দিছে, আইৰে চৰণতে পৰি।
নাকান্দিবা দাসী আইৰ উঠে হাসি, তুলি ৰাম যশস্যা কৰি॥

 আইসকলৰ আগমন প্ৰকৃতিত কি এক অভাৱনীয় ঘটনা! “তৃণ-তৰু-লতা সৱে দোঁয়ায় মাথা", সি অবিশ্বাসীজনৰ চকুত নপৰিবও পাৰে; কিন্তু তাৰ লগে লগে ভক্ত-কবিৰ কল্পনা যিদৰে ঠন ধৰি উঠিল আৰু প্ৰকৃতিত চাৰিওপাশে যি অপূৰ্ব্ব সৌন্দৰ্য্য বিৰিঙি পৰিল, সি উপেক্ষাৰ কথা নহয়। কিন্তু এনে অনুপম সৌন্দৰ্য্যৰ সমাবেশ লৈ ছহৰ ফুৰিবলৈ আহি আইসকলে দেখা দিছে যদিও, অৱস্থাৰ বৈষম্যত তাৰ উপভোগৰ সলনি আমি গল-বস্ত্ৰ হৈ জীৱ-দানহে মাগিব লগা হৈছে; এয়ে তাৰ ভিতৰৰ কৰুণতা। পথালি চকুৱা মনিছ, দেহী, সন্দেহেৰেই পৰিপূৰ্ণ! আইলৈ অচলা ভক্তি থকা সত্বেও বাব-বুৰি সংসাৰৰ লেঠাৰ মাজত জানোবা কৰবাত কেনেবাকৈ ঘাটি লাগিল, এই বুলিয়ে “ইবাৰৰ দোষকে ক্ষমিবা, ভৱানী।” কিন্তু ইও জানো নিযজৰ কাৰণে?— “চৰণতে পৰি, মাতোঁ তুতি কৰি, অজান বালকৰে হই।” কেনে অকপটতা আৰু স্বৰ্গীয় সৰলতা! কিন্তু আইক তোষিব কিহেৰে? আয়তীসকল দুখীয়া হব পাৰে পাৰ্থিৱ সম্পত্তিত, কিন্তু অন্তৰত যে ভক্তি-দৈন্যৰ লেশ মাত্ৰও ছাঁ পৰা নাই! গতিকে “মূৰৰে কেশেৰে, পাৱে মলচিম।’’ স্বয়ং ভগৱন্তৰ দৰেই তেওঁৰ নিজ গোসানীও ভক্ত-বৎসলা আৰু নামলুব্ধা। ভক্তিমতী আইসকলৰ এই আত্ম-সমৰ্পণ আৰু নামৰ মাননিত দেৱী-আইসকল সন্তুষ্ট হবই লাগিব;