পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৭০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১
ডাকৰ বচন—বৌদ্ধপ্ৰভাৱৰ সাহিত্য


তুলিয়া নাথব॥’’ ই স্পষ্ট বৌদ্ধ ভাব। কিন্তু এখন অসমীয়া ডাকৰ বচন পুথিত তাৰ ঠাইত পাইছোঁ—ভাল দ্ৰব্য যেতিয়া পাব। দেৱ দ্বিজক তেতিয়াই দিব!” এই পিছৰ কথা যে প্ৰক্ষিপ্ত সন্দেহ নাই। এনে প্ৰক্ষিপ্ত বচন বহুতো সোমাইছে, সেইবোৰ অৱশ্যে চালি-জাৰি উলিয়াব লাগিব।

 ডাকৰ জীৱনী বিষয়ক পুথিত যিখিনি মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহা কথা আমি পাওঁ, তাৰ ভিতৰত ভালেখিনি অনৈসৰ্গিক কল্পনা আছে বুলি আমি ধৰিব পাৰোঁ। এনে কল্পনাৰে প্ৰত্যেক সাহিত্যৰ আদি যুগৰ নায়ক-নায়িকাসকলৰ জীৱনী ঢাক খাই থকা দেখিবলৈ পোৱা হয়। সেই কল্পনাখিনি ফঁহিয়াই চালেও তাৰ সাৰ-মৰ্ম্মটো পাবলৈ বৰ টান নালাগে। “লেহিডঙৰা ডাকৰ গাওঁ। তিনিশ ষাঠিটা পুখুৰীৰ নাও॥’’ (ডাকচৰিত্ৰ); এই লেহিডঙৰা নামেৰে গাঁও এতিয়াও বৰপেটাৰ ৬|৭ মাইল দখিণে দেখুৱায়। ১৮৯৭ৰ ভূঁইকঁপ কি তাৰ আগতে ই উছন্ন হৈছে। ডাকৰ জন্ম-প্ৰসঙ্গত আৰু ডাকৰ নিজা বচনতো বৰাহ মিহিৰৰ বিশেষ উল্লেখ আছে। অনুমান কৰিব পাৰি, তেওঁ সেই কালত প্ৰসিদ্ধ কামৰূপৰ তীৰ্থবোৰ দৰ্শন কৰিবলৈ ইয়ালৈ আহিছিল আৰু ডাকৰ গাঁৱত উপস্থিত হৈছিলগৈ।

 “ডাকৰ বাপেকৰ সাতোটি ভাই। ছয়টিৰ লৰা-লুৰি, সৰুটিৰ নাই। এদিন আসিয়া মিহিৰ মুনি। অতিথি স্বৰূপে ৰৈলা আপুনি॥ শ্বাশুৰী বোলে অতিথি বাপা। টঙ্গি ৰাখিব গৈছে সাতোটি আপা॥ ঘৰত নাই মুনিহ লোক। কেনেকৈ বাপা সুধিম তোক॥ শ্বাশুৰী বোলে সৰুজনী আই। তোৰ লগত একো ছা-ছলি নাই॥ ঘৰৰ কামক পাছে কৰা৷ অতিথি বাপাৰ আল ধৰা॥ বেটাৰ কপালে নাহিকে পো। অতিথি পূজি ছলি কোলাত লো॥”

 তাৰ পিছত অৱশ্যে অতিথি-শুশ্ৰূষা কৰা হল; “তুষ্ট হৈয়া মিহিৰে দিলা বৰ। পুত্ৰ এক হইবে মোৰ সমসৰ॥ পুহাইল ৰজনী মিহিৰো গৈলা।—’’ ইত্যাদি। ইয়াৰ অলপ দিনৰ পিছতে ডাকৰ জন্ম হয়—

 “ডাক জন্ম শুনি মিহিৰ মুনি। মোৰ পুত্ৰ হৈছে বুলি আসিলা আপুনি॥ শিশুসৱ সঙ্গে উমলি আছে। দেখিয়া মুনি সুধিলা পাছে॥ কোন পুত্ৰ তোৰ কোন হয় আই। স্বৰূপ কহিয়া কহ বুজাই॥ ডাকে বোলে পিতা নকৰা চিতা। কুমাৰণী আই, তুমি হোৱা পিতা॥ তোৰ মুখে জানো মোৰ পুত্ৰ তই। মোৰ কান্ধে উঠ লৈ যাওঁ মই॥ ডাকে বোলে পিতা স্বৰূপ