পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ডাকৰ বচন—বৌদ্ধপ্ৰভাৱৰ সাহিত্য

‘ডাকৰ বচন বেদৰ বাণী।” স্বৰূপতে ডাক পুৰুষ অসমীয়া নিৰক্ষৰ জন গণৰ বেদব্যাস। বেদ তেওঁলোকে নামানিব-নাজানিব পাৰে, কিন্তু ডাকৰ বচন তেওঁলোকৰ বিবেক-বাণী স্বৰূপ; তাক নামানি নোৱাৰে, ই তেওঁলোকৰ হাড়ে-হিমেজুৱে মিলি আছে। “অসমীয়া’’ বুলিও সেইদৰে আজিৰ জকাই- চুকৰ মানুহ এমুঠিৰ কথা কোৱা নাই। এই ডাক পুৰুষকে বাঙালীয়ে “বঙ্গেৰ সক্ৰেটিস” বুলিছে , উড়িষ্যায়ো সেইদৰে ডাকক নিজৰ বুলি দাবী কৰে। স্বৰূপতে যি কালত ডাকৰ আবিৰ্ভাৱ হয়, তেতিয়া আজিৰ ভৌগোলিক বিভাগৰ এই দ খালবোৰ নাছিল, আৰু সদৌ পূব-ভাৰত বা পুৰণি প্ৰাগ- জ্যোতিষ ৰাজ্যই সদায় সামৰি অহা বঙ্গ, বিহাৰ, উড়িষ্যা, নেপাল, ভূটান, আন কি তিব্বতে সৈতে জুৰি এক পূব-ভাৰতীয় সংস্কৃতি আক ভাষা আছিল বুলি ভাবিবৰ যথেষ্ট কাৰণ আছে। গতিকে সেই যুগৰ আন্ধাৰৰ মাজত ডাকৰ প্ৰতিভা বহুত দূৰলৈকে যে ব্যাপিছিল, তাত আচৰিত হব লগা একো নাই।

 “জন্ম লগ্ন যাত্ৰা জোৰা৷ বৰাহ মিহিৰে নাপালে ওৰা॥” ইত্যাদি নানান- ভাৱে ডাকৰ লগত বিক্ৰমাদিত্যৰ নৱৰত্ন সভাৰ অন্যতম পণ্ডিত বৰাহ মিহিৰৰ নাম গঁথা আছে। বিক্ৰমাদিত্যৰ কাল পঞ্চম শতাব্দী বুলি বৰ্ত্তমান প্ৰায় সৰ্ব্ববাদী মত; গতিকে ডাকৰ কাল ষষ্ঠ শতাব্দীৰ পাছ হব নোৱাৰে। সেই বুলি অন্ততঃ বৰ্ত্তমান গঢ়ত ডাকৰ বচনবোৰ সিমান পুৰণি বুলি ঠাৱৰাবলৈ যোৱা ভুল হব; কিয়নো পটন্তৰ আদিৰ দৰেই এইবোৰ মুখে মুখে চিৰকাল চলি আহিছিল আৰু অস্তুতঃ সপ্তদশ-অষ্টাদশ শতিকাৰ আগত এইবোৰ লিপিবদ্ধ হোৱা নাছিল। তথাপি বৌদ্ধ ধৰ্ম্মৰ পতন আৰু ব্ৰাহ্মণ্য ধৰ্ম্মৰ পুনৰুত্থানৰ আগতে যে ডাকৰ বচনবোৰ ওলাইছিল তাৰ সাঁচ ধৰ্ম্ম-প্ৰকৰণৰ বচনবোৰৰ বুকুত আছে, যদিও তাক তাৰ পৰাও কাঢ়ি আনিবৰ চেষ্টা নোহোৱাকৈ থকা নাই। বঙলা ডাকৰ বচনত সোমাই আছে—“ভাল দ্ৰব্য যখন পাব। কালিকাৰে