আমাক সচেতন কৰিছে; পঞ্চেন্দ্ৰিয়ৰ অনুভৱ সদায় আপেক্ষিক, তাৰ ‘সত্য’ নিশ্চয় মায়া-মৰীচিকা।
ঘোষা॥ “সাৰ কৰা হৰি-নামৰ মালা।
ফুলিছে কমল ফুল, গুঞ্জৰে ভোমৰা॥’
পদ॥ “ৰুৱা দিলা, কামি দিলা, মাৰলিৰে যোটা।
দুইখান চাল তুলি থৈলা, একেষুৰি খুটা॥...
চতুৰ্দিকে বেৰি ঘৰ কৰাইলা আন্ধাৰ।
অৰ্দ্ধে উৰ্দ্ধে লগাই থৈলা নৱখানি দুৱাৰ॥..
একজনী কন্যা আছে ঘৰৰ ঘৰিণী।
তাক যেই পায় দেখা, হোৱে মহা মুনি॥
এক গোট নদী আছে, বয় তীক্ষ্ণ ধাৰে।
কাল-বিকাল পণী দুটি ইপাৰে-সিপাৰে॥
কাজল বৰণ পখী দুটি হেঙুল বৰণ পাখি।
কোন দেশে গল পখী নাই দেখা-দেখি॥
কহয় মাধৱ দাসে এই তত্ত্ব সাৰ।
এহিখানে সাঙ্গ হল দেহৰ বিচাৰ॥”
আচৰিতভাৱে, তিব্বতৰ বৌদ্ধ সিদ্ধ কবিৰ অন্যতম কামৰূপৰ কৈৱৰ্ত্তকুলৰ কবি মীননাথৰ এটি গীতত উক্ত "ফুলিছে কমল ফুল, গুঞ্জৰে ভোমৰা” ধ্বনিত আছে।-
“কহন্ত গুৰু পৰমাৰ্থৰ বাট।
কৰ্ম কুৰঙ্গ সমাধিক পাট॥
কমল বিকসিল কহিল ন জমৰা।
কমল মধু পিৱবি ঢোকে ন ভমৰা॥
——