পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


ছোৰাবৰ তেওঁৰ নেদেখা পিতাক পাৰস্য বীৰ ৰুস্তমক বিচাৰি দিগ্বিজয় কৰাৰ দৰে বিচক্ষণ :

কৰে টাঙ্ টিঙ্,
কবৰহে শুনিছোঁ
খেদে গৰখীয়াই
বোপাইকে নেদেখি
কি মণি কলীয়া
ঘৰতে থাকি মোৰ
সেইনো কথা শুনি
বাপেৰ শতুৰুৱে

 

কৰে টাঙ্-টিঙ্,
বোপাই মণিকোঁৱৰ,
টাঙনি আতোলা,
গাকে নুজুৰায়,
হাও, নো মোৰ আই,
গাকে নুজুৰায়,
কাঁচন কুঁৱৰীয়ে,
ইয়াতে এৰিলে,

 

গঢ়ে বিনন্দীয়া ঢেঁকি৷
চকুৰে নাপালোঁ দেখি॥
খেদে গৰখীয়াই হই৷
মনতো জ্বলিছে জুই॥
কি মণি কলীয়া হাঁও৷
ভাটিলৈ ভটিয়াই যাওঁ॥
তললৈ কৰিলে মূৰ৷
তয়ো এৰি যাৱ মোক॥

 তাৰ পাছত ফুলকোঁৱৰৰ আচৰিত আকাশী যাত্ৰা। সংগৃহীত তবোৰৰ পৰা মুল গীতৰ এটি পৰিপাটি ৰূপ বিচাৰি লোৱাও কঠিন; কিন্তু কেনেবাকৈ যদি ইয়াৰ মূলপাঠ কৰবাত থকা সম্ভৱ হলহেতেন, এংলো-ছেক্ ছন সাহিত্যৰ বি-উলফ্, কাব্যৰ দৰে ই ভাৰতীয় সাহিত্যৰ এটি অপৰূপ বস্তু হলহেতেন।—

নেজৰ ছাটি মাৰি
জানিবি জানিৰি
কাঠৰ পখী ঘোৰাত,
আকাশে-পাতালে
দেও ৰি এৰালে
নগৰ সাত পাক
কাঠৰ পখী-ঘোৰা
মনিছে নমনে,
কাঠৰ পখী-ঘোৰাৰ
ছমাহৰ বাটকে

 

উঠিবি পখীৰাজ
কাঠৰ পখী-ঘোৰা
উঠি ফুলকোঁৱৰে
উৰাৱত কৰিলে,
দেও দৰিকণা,
উঠি পখী-ঘোৰা
পাই ফুলকোঁৱৰে
দেৱেও নমনে,
জেউতি চৰিলে
গই একেদিনে

 

মুখেৰে মাতিবি চিঁউ৷
তোৰ-মোৰ একেটি জীউ॥
মাৰি ছাবুকৰ ছাট৷
ধৰিলে আকাশৰ বাট৷
লুটি দি এৰালে শল৷
ছমাহৰ বাটলৈ গল॥
পিতাকৰ দেশকে এৰে৷
বিজুলী সঞ্চাৰে চলে॥
উৰি যাওঁ উৰি যাওঁ কৰে৷
মালিনীৰ বাৰীতে পৰে॥

 ইউৰপীয় পুৰাণৰ বসন্ত-দেৱতাৰ আগমন বা ভাৰতীয় কবিৰ অকাল বসন্ত স্ৰজনৰ দৰে এইখিনিৰ পৰাই অসমীয়া কবিৰ আদিম অভিনৱ জন-কল্পনাই এনে অপৰূপ ৰূপ ধাৰণ কৰিছে যে তাৰ তুলনা দিবলৈ নাই।—

 মা‌লিনীৰ বাৰীত

 

পৰি ফুলকোঁৱৰে

 

ভৰিৰে মাৰিলে টিপ।