পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫
ফুল-পুৰাণ—ফুলকোঁৱৰৰ গীত


হলেও স্বৰূপতে গীত একেটি বুলিব পাৰি; আৰু তেতিয়া হলে ফুল-কোঁৱৰৰ গীতকে মূল বুলি আন দুটি গীত তাৰ পাতনি বুলিব লাগিব।—

শঙ্কলদেৱ ৰজাৰ
শঙ্কলদেৱ ৰজাৰ
উজনি-নামনিত
শঙ্কলদেৱ ৰজাৰ
খৰি লুৰিবৰ
আজি কিছু কৰি,
আজি থেন্ থেন্
মঙলবাৰৰ দিনা

 

পুতেক মণিকোঁৱৰ,
কাঁঁচন বোৱাৰী
মণিকোঁৱৰক
কাঁচন বোৱাৰীৰ
মিটকৈ কটাৰি,
কালি কিছু কৰি,
কালি থেন্ মেন্,
মাজ নিশাখন

 

হেৰাল পানীত পৰি
থাকিল গলত জৰী॥
বিচাৰি নাপালে পাব।
ব’ল ছমহীয়া ভাৰ॥
মাছ কাটিবৰ দা।
কাঁচনৰ জিলিকিল গা
কুঁৱৰীৰ গা লৰিল।
ফুলকোঁৱৰ উপজিল।

 ককাক শঙ্কলাদিবে নাতিয়েক ফুলকোঁৱৰক বাঢ়ৈৰ হতুৱা কাঠৰ এটা আচৰিত পখী-ঘোৰা সজাই দিলে, আৰু ফুলকোঁৱৰৰ সাহ জুখিবৰ বাবে সেই পখী-ঘোৰাত কোন উঠিব পাৰে বুলি সুধিলে; আৰু ফুলকোঁৱৰ আগ বাঢ়ি গৈ ককাকৰ চকুত চমক লগালে। বুকেফেলছ নামৰ এটা ভয়ঙ্কৰ ঘোৰাত উঠি শিশু আলেকজেণ্ডাৰে তেওঁৰ পিতাক ফিলিপক চমক লগাই “মেছিডন্ তোমাৰ বাবে নিছেই ঠেক হব” “বোলোৱাৰ লগত এই কথা মিলে—

সৰগৰ ওপৰত
সাতোটা ঘোৰাৰে
কদম কুঁৱৰী
বাঢ়ৈয়ে সাজিলে
শালৰ বৰ হাতী,
নৃপতিয়ে পাছে
কদম কুঁৱৰী
সেই কথা শুনি

 

সৰগ তুলি তুলি
সূৰ্য্যই ৰথ ডকাই
ফুলৰে বাবৰী
কাঠৰ পখী-ঘোৰা
সূৰুযৰ নাতি,
ঘনাই মাত দিলে,
বনৰে বাবৰী
ফুলকোঁৱৰ পখী-

 

সাজিলে সাত তাল সৰগ॥
পোহৰাই ৰাখিলে নৰক।
ফুলে জকমক কৰে॥
আকাশে উৰাৱত কৰে॥
তেজে চিকমিক কৰে।
‘ইয়াত কোন উঠিব পাৰে?’
ফুলি জকমক হল।
ঘোৰাত উঠিবলৈ গল॥