পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
অসমীয়া সাহিত্যৰ অধ্যয়ন

আমি এই আৱশ্যকীয় বাহ্যিক সাক্ষ্যতকৈও গীত-দুটিৰ ততোধিক আৱশ্যকীয় আভ্যন্তৰিক প্ৰমাণৰ পৰাহে গীত-দুটিৰ সেই আদি-মধ্যযুগত জন্ম বুলি ঠাৱৰাব খুজিছোঁ; যদিও অৱশ্যে গীত-দুটিৰ অকল ভাষাই নহয়, পৰিবেশো আহোম দিনৰ ভিতৰেদি পৰিপুষ্ট হৈ অহা কথা কোনোমতেই আশয় মাতিবৰ উপায় নাই। অৱশ্যে এই পিছৰ কাৰণৰ পৰা গীত-দুটিক পিছৰ যুগলৈ আজুৰিবলৈ চোৱা অন্যায় হব, যি হেতুকে পিছৰ যুগে যিমান খুৱাই-পিন্ধাই নোদোকা আৰু নিপুতল কৰক, সেই গীতবোৰে সিহঁতৰ জন্মদিয়া যুগৰ সোঁৱৰণ আজিও সদায় বুকুত বান্ধি আছে; আলোচনাৰ প্ৰসঙ্গত আমি এই কথা মুকলি কৰি যাবলৈ যত্ন কৰিম।

শঙ্কলদেৱ ৰজাৰে
এবেলা দোলাতে,
খেৰি খেলায়ে
দুঅঁৰা লিগিৰী
হাতৰ সেওমণি,
সদৌ সেওমণি
সদৌ সেওমণি
এপতাৰ পৰা
এজাবোৰ মাৰিলে
ইজাবোৰ মাৰিলে
আৰু এজাবোৰ
গ'ল সেই কথা
আউলী কাঁচনে
ওলাই দৰিশনে
কি চৰাই মাৰিবৰ
এপতাৰ পৰা
লুইতে এৰিলে
আয়ে−বোপায়ে

 

পুতেক মণিকোঁৱৰ,
এবেলা ঘোৰাতে,
ৰঙকে নাপালে,
দি যায় পানী তুলি,
ভৰিৰ সেওমণি,
সোলকাই কোঁৱৰে,
সোলকাই কোঁৱৰে,
নামে এডিঙিলৈ,
ঠানুৱা কোঁৱৰে,
ঠানুৱা কোঁৱৰে,
মাৰিব খোজোঁতে,
কাঁচন বাইক কবলৈ,
বাউলি কান্দিলে,
দিয়াঁ, মোৰ কোঁৱৰ ঐ!
বগ, মোৰ কোঁৱৰ ঐ!
নামে এডিঙিলৈ,
দীঘলী এসুতি,
ধৰম−বিয়া দিলে,

 

কোলাতে খতি−খুণ নাই।
এবেলা খেৰি খেলাই॥
নৈত গা ধুবলৈ যায়।
নুজুবাই কোঁৱৰৰ গাই॥
গলৰ গলপতা থলে।
তামুলীৰ হাততে দিলে॥
নৈত গা ধুবলৈ গলে।
তেও সুত নালাগিলে॥
চান্দ-সূৰুযলৈ চাই।
আপোন নগৰলৈ চাই॥
নিলে জলকোঁৱৰে হৰি।
পোৱালি তামূলী লৰি॥
আজুৰি ছিঙিলে কেশ।
ফুৰো একেলগে দেশ॥
কি চৰাই মাৰিবৰ বগ।
নাপালে কোঁৱৰক লগ॥
দিহিঙে এৰিলে কুল।
নুগুছিল হালধিৰ বোল॥”

মণিকোঁৱৰৰ গীত, কাঁচনকুঁৱৰীৰ গীত আৰু ফুলকোঁৱৰৰ গীত নামত সুকীয়া