পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩
ফুল-পুৰাণ—ফুলকোঁৱৰৰ গীত


নহলেও মুছলমান বুৰঞ্জীত শঙ্কলাদিব অতি প্ৰসিদ্ধ; খৃষ্টপূৰ্ব সপ্তম শতিকাত পাৰস্যৰ প্ৰখ্যাত বীৰ ৰুস্তমৰ হাতত শঙ্কলাদিবৰ মৃত্যু ঘটে বুলি প্ৰথিত। মহম্মদ কাছিম ফেৰিষ্টাৰ পাৰস্য বুৰঞ্জীৰ মতে খৃষ্টীয় ত্ৰয়োদশ শতিকাত মুছলমান আহি টুণ্ডালৈ উঠাই নিনিয়ালেকৈ শঙ্কলাদিবে পতা লক্ষ্মণাৱতী (গৌড়) নগৰ দুই হাজাৰ বছৰ বঙ্গৰ ৰাজধানী আছিল; পাছে ফিৰদৌছিৰ অমৰ ফাৰ্চী কাব্য শ্বাহ-নামাত খৃষ্টীয় চতুৰ্থ শতিকাৰ ছাছানীয় ফৈদৰ পাৰস্যীয় ৰজা বাহৰাম গৌৰৰ আক্ৰমণ-প্ৰসঙ্গতহে শঙ্কলাদিবৰ উল্লেখ আছে।—

“ভাস্কৰ-জেউতি
ভাৰতৰ ৰজাৰ
উত্তৰ ভাৰতৰ
কামৰূপ-পতি
বাজক ডবা
অসম আকউ

চাৰি-লাখ পদাতি,
শঙ্কলাদিবৰ
লক্ষ্মণাৱতী
ৰাজধানী হই
বাজক ডবা
অসম আকউ

পাৰস্য-বিজেতা
ঘটুৱাই শঙ্কলে
মোছলেম বুৰঞ্জীত
প্ৰাণৰ প্ৰাণত
বাজক ডবা,
অসম আকউ

 

ভাস্কৰ বৰ্মা
আগশাৰী ললে,
কেদাৰ ব্ৰাহ্মণ
শঙ্কলাদিবে
বাজক শঙ্খ,
উন্নতি পথত

লাখ অশ্বাৰোহী
বীৰ্য্য-বিক্ৰমৰ
গৌড় নগৰ
আছিল বঙ্গৰ
বাজক শঙ্খ
উন্নতি-পথত

আফ্ৰছিয়াৰ
ঘোৰাঘাট পৰ্বতত
ফেৰিষ্টাই লিখিছে,
অসমীয়া ভাই,
বাজক শঙ্খ,
উন্নতি পথত

 

প্ৰাগ্ জ্যোতিষৰ ৰজা;
নহয় ই কথা সজা৷
মহাবলৱন্ত ৰজা,
ঘটুৱালে কেনে বুজা৷
বাজক মৃদং খোল৷
“জয় আই অসম’’ বোল!!

চাৰি হাজাৰেক হাতী;
ভাৰত বিয়পা খ্যাতি৷
আমাৰ শঙ্কলে কৰা;
দুহাজাৰ বছৰ জোৰা৷
বাজক মৃদং খোল;
“জয় আই অসম’’ বোল!!

আদ-লাখ মোগল সেনা
কীৰিতি ৰাখিলে জানা৷
নহয় ই সাধু কথা;
ই কথা তোমাৰ গোঁথা৷
বাজক মৃদং খোল!
“জয় আই অসম’’ বোল!!’’

খৃষ্টপূৰ্ব সপ্তম শতিকাই হওক বা খৃষ্টীয় চতুৰ্থ শতিকাই হওক, শঙ্কলাদিব তথা মণিকোৱৰ ফুলকোঁৱৰৰ কাহিনী সময়-সম্মানিত যে সন্দেহ নাই। কিন্তু