পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৹
 

কণি আৰু আমাৰ উদ্ধৃতিবোৰকে দুনাই উদ্ধৃত কৰি চোৰাত সেলেঙি লগাইছে! “যেই দেশ, সেই ভেশ”। নতুন কথাত দাঁত বহুৱাব নোৱৰা পণ্ডিতবোৰৰ এই প্ৰথা সমৰ্থন নকৰিলে অপণ্ডিত হোৱা অপযশৰ ভয়ত আইন-ব্যাখ্যাকাৰী- বোৰেও "Look wise and smile পন্থা লয়। আমি মাত্ৰ কওঁ—“সৱকো সুমতি দে, ভগৱান!”

 দোষ নেদেখুৱালে সমালোচনা নহয় বুলিও কোনোৱে ভাবে; ই ভুল। প্ৰকৃত সমালোচনাই চালনিতকৈ কুলাৰ কামহে কৰিব লাগে; প্ৰকৃত সমালোচকো সেইবাবে গুবৰুৱা নহয়, ভোমোৰা হে। ৰাজহাঁহে খীৰখিনি চাকি খাওঁতে পানীৰ ভাগ আপুনি এৰা পৰে; গোলাপ ফুলৰ ৰূপ-গোন্ধ উপভোগ নকৰি তাৰ কাঁইট চোবোৱা ভাল নে? এনে সত্যবোৰ মনত ৰাখিয়ে পাণ্ডিত্যগন্ধী নকৰি অনুভূতিশীলতাৰ ভিতৰেদি অসমীয়া সাহিত্যৰ উৎকৃষ্ট প্ৰকাশ কিছুমান দাঙি ধৰিবলৈ চোৱা হৈছে। ইয়াৰ পৰা অসমীয়া সাহিত্যৰ ৰসোপলব্ধিৰ জাগৃতি হোৱা দেখিবলৈ পালেই নিজক কৃতাৰ্থ মানিম।

 আমাৰ “জিলিঙনি”ৰ “ভূমিকা” ৰূপে বাণীকান্ত কাকতীয়ে লিখিছিল— ‘আমাৰ ভাষাত সমালোচনাৰ পুথি এতিয়ালৈকে ওলোৱা নাই। গতিকে অন্ততঃ বিষয় হিচাবে ই আমাৰ সাহিত্যৰ পৰিসৰ বঢ়াব নিশ্চয়। শ্ৰীযুত নেওগৰ নিজৰে কবিতা লিখাত ভাল ৰাপ আছে দেখি তেওঁ সাহিত্যৰ সূক্ষ্ম ভাববোৰ সহজে উপলব্ধি কৰিব পাৰিছে। পুথিখনে সকলোৰে সমাদৰ পাব বুলি আশা কৰোঁ।” (গুৱাহাটী, ডিছেম্বৰ, ১৯২২ )

 “জিলিঙনি’’ৰ আগকথাত লিখিছিলোঁ—"নিলগৰ পৰা তলি-উদং বা তুলুঙা দেখা অসমীয়া সাহিত্যৰ বৰ নাৱত যে প্ৰকৃততে বহুতো বহুমূলীয়া বণিজ আছে, মাজ নৈত হঠাতে উবুৰি হব লগা অৱস্থাতকৈ যে ইয়াৰ তলি ভালেখিনি বহল, আওকণীয়া আৰু সহানুভূতি-হীনসকলৰ ইয়ালৈ মনোযোগ আকৰ্ষণ কৰাও এই লেখকৰ এক ঘাই ধাউতি। .....অসমীয়া সাহিত্য অন্ততঃ অসমীয়া মাত্ৰই হেপাহেৰে পঢ়ক, জাতীয় সাহিত্যলৈ আমাৰ প্ৰকৃত শ্ৰদ্ধা বাঢ়ক......তেতিয়া অকল অসমীয়াৰ চকুতে নহয়, জগতৰ চকুতো অসম স্বৰূপতে “অসম সুষমা কামৰূপা’’ হব; অসমীয়া সাহিত্য, অসমীয়া জাতীয় জীৱন, কেইওপিনে পুনৰ নদন-বদন হব। " এক পোৱা-শতিকাৰ পাছত তাকে পুনৰ দোহাৰিলোঁ।

শ্ৰীডিম্বেশ্বৰ নেওগ