পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
অসমীয়া সাহিত্যৰ অধ্যয়ন


বুলিলে স্ৰষ্টাৰ উদ্দেশ্যকে বিদ্ৰূপ কৰা হয়; সেইদৰে মানুহৰো সকলো কেৱল ভাব-কঢ়িওৱা জন্তু হবলৈ ওপজা নাই; অন্ততঃ “আইদেউ’’ নহয়। কলাপাতৰ থুৰি, তিয়ঁহৰ জালি, চোতালৰ আগৰ মিঠা আম, প্ৰতিটিৰে দিনেকীয়া জীৱনৰ ভোক-পিয়াহৰ অতীতৰ এটি অবশ্যকতাও থাকিব পাৰে; আইদেউৰো সেইদৰেই আছে। তদুপৰি আইদেউৰ কামিলা গুণো একেবাৰে নোহোৱা নহয়, কিয়নো—“তাঁতত হালে-জালে, শৰাইত মলা গাঁথে, আইদেউ সেই বন পাৰে।”

 এইকেষাৰি নামৰ ভিতৰত “চেচুকৰ ডাম-ডেউকা’’ৰ উপমাটিও অতি ভাব- ব্যঞ্জক। আৰু এটি কথা; আইদেউৰ এনে অয়-অলঙ্কাৰ, সাজ-পাৰ আৰু গুণাগুণৰ বৰ্ণনা-পাৰদৰ্শিতাৰ সহায়ত এটী আটকধুনীয়া অসমীয়া ছোৱালীৰ চিত্ৰ যেনেকৈ মানস-চকুৰ আগত ওপঙিবলৈ ধৰে, তেনেকৈয়ে সুৱলা শব্দ- গাঁথনিৰ বাখৰুৱা মণি আৰু অনুপম উপমাৰ বনকৰা ৰিহা-মেখেলাৰে কবিয়ে যি মানস-সুন্দৰী এটা সজাইছে, তালৈকো মনত নপৰি নাথাকে; কিয়নো পুৰণি সাহিত্যত ক’তো এনে একোটি চিত্ৰ পাবলৈ নাই। পুৰণি সাহিত্যত শ্ৰীশঙ্কৰদেৱৰ ৰুক্মিণী বা চন্দ্ৰভাৰতীৰ উষা আদি অনিন্দ্যসুন্দৰী পৌৰাণিক ৰমণীৰ কমনীয় বৰ্ণনা সচা, কিন্তু সেইবোৰ সৰ্ব্বাঙ্গসুন্দৰী অসমীয়া গাভৰুৰ নিখুত চিত্ৰ নহয়। পুৰণি সাহিত্যতে যৰি এনে ৰূপহী আইদেউক পোৱা নহয়, তেন্তে বৰ্তমানৰ জাতীয় আদৰ্শ-বৰ্জ্জিত সাহিত্যত সেই চিত্ৰ চাব খোজা পৰ্ব্বতত কাছকণী বিচৰা মাথোন হব; অৰ্থাৎ অপোন-মনেৰে ফুলা আমাৰ সাহিত্য- কাননত বন-ফুল ৰূপহী অসমীয়া আইটীক চাবলৈ নাপালে পুৰণি সাহিত্যৰ তপোবন বা বিদেশী আদৰ্শৰ আধুনিক আমোদ-বনত সেই নাৰী-ফুল ক’ত ফুলা দেখিম?

 অসমীয়া-গীত-সাহিত্যৰ এই ডালটি ইমান জাতিষ্কাৰ যে তাক য’তে ত'তে ধৰি জোকাৰিলেই তাৰ পৰা ন ন সৌন্দৰ্য্যৰ মূল তল ভৰি সৰিব। হাঁহি-ৰস মিহলি জোৰা-নামবোৰো বিয়া নামৰ এটি শকত ঠেঙুলি। যিখন বিয়াত নামতীসকলে জোৰা-নাম গাবলৈ নাপায়, সেইখন বিয়ালৈ তেওঁলোকৰ মনেৰে যোৱাতকৈ নোযোৱাই ভাল; সি যেন বিয়াই নহয়! অথচ গাবলৈ পালেও তেওঁলোকৰ নামৰ ওৰ নপৰেহে নপৰে; যিমানেই গাওক, তথাপি গাব—

 শিঙৰা মাছৰে, কণী হৰি হৰি, শিঙৰা মাছৰে কণী;
 জোৰা নাম একাষাৰ, গাবকে নোৱাৰি, বাপুদেউ বহিছে শনি।