ফকিৰ আৰু তেওঁ বিচৰা দানটিও শুদা-শুদি নহয়,—তেওঁ স্বয়ং মহাযোগী।
সদাশিৱ আৰু সেই দান “কন্যা-দান" নামৰ মহৎ দান। তাকে কল্পনাৰ
আন এফেৰা ৰহন সানি কৈছে, কাণত লোকা-পাৰ পিন্ধি যিটি বীণ-বৰাগী
চোৰ আজি আইদেউৰ ঘৰ সোমাইছে, তেওঁক চিনা সহজ হলেও, তেওঁৰ
পৰা তেওঁ নিব খোজা বস্তুটি সৰুওৱা টান।
এই আটাইবোৰ হল বাহিৰৰ ৰূপ; কিন্তু আইদেউৰ ভিতৰুৱা গুণা- গুণৰ কথাও কব লাগিব নহয়! যেতিয়া এই প্ৰশ্ন উঠিল—“চোতালৰে পৰা, সোধে জোঁৱাই-লৰা, আইদেউ কি-এ বন পাৰে?”—জোঁৱাই-লৰাৰ, এই অৱশ্যম্ভাৱী প্ৰশ্নৰ সমিধান দি ততালিকে কন্যাঘৰীয়া নামতীয়ে নিজ চতুৰতা প্ৰকাশ কৰিলে—
আমাৰে আইটী, নিছৈ কুমলীয়া, নিছৈ কলাপাতৰ থুৰি।
আঁটিব নাজানে, কঁকালৰ কাচুটি, মেলাৰ নাজানে চুলি॥
ই বোলে আইদেউ সি বোলে আইদেউ, আইদেউ তিয়ঁহৰ জালি।
আইদেউৰ চুলি তাঁৰ, মেঘতকৈ চমৎকাৰ, বংশীবদনৰ চুলি॥
চোতালৰ আগৰে, মিঠা আম এজুপি, বাকলি গুচায়ে খাবা।
শুকান পিঠাগুড়ি, চালিব নোৱাৰে, হাতত ফুটে পানীজোলা॥
তাঁতত হালেজালে, শৰাইত মলা গাঁথে, আইদেউ সেই বন পাৰে।
লোকৰ মাত-কথা, শুনিব নোৱাৰে, আপুনি স্বয়ং হৈ থাকে॥
চাৰি ভাইৰ মাজৰে, নুমলী আইদেউ, খায় দোৱা-ভজা চিৰা।
টান বন নিদিবা, লঘোনে নথবা, চেঁচুকৰে ডাম-ডেউকা॥
এই প্ৰশংসাপত্ৰ দেখি “বোপাদেউ" তুষ্ট হল নে ৰুষ্ট হল আমি কব নোৱাৰোঁ সচা; কিন্তু ইয়াৰ পৰা আইদেউ যে অতি কবিতাময়ী তাত আমাৰ এফেৰিও খুকুৰি নাথাকিল। ঈশ্বৰৰ সৃষ্টিত সকলো বস্তুৰে নিশ্চয় একোটা সাৰ্থকতা আছে। সিহঁতৰ মূল্য-নিৰূপণত আমি বেমেজালি লগাব পাৰোঁ, কিন্তু সিহঁতৰ নিজ নিজ মূল্য আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। কাৰ্য্যকাৰিতাৰ ফালৰ পৰা চাই আমি বাৰীৰ ফুলপাহতকৈ কেৰোলা-বেঙেনাটোক, বা বাঁহীটোতকৈ টোকনডালক, অধিক লাগতিয়াল বুলি ধৰিব পাৰোঁ। কিন্তু ফুলপাহ কিয় কেৰোলা-বেঙেনাৰ দৰে নহল, বা বাঁহীটোৱে কিয় টোকনডালৰ কাম নকৰে,