পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আগকথা

“সংসাৰ বিষ-বৃক্ষস্য ৰে ফলে অমৃতোপমে। কাব্যামৃত-ৰসাস্বাদো আলাপো সজ্জনৈ সহ॥” কিন্তু ৰসনাৰ অবিহনে ৰসাস্বাদ দৃষ্টি-হীনৰ ইন্দ্ৰধনুৰ বৰ্ণালি ব্যাখ্যাৰ দৰেই বিড়ম্বনা মাত্ৰ। “ৰসাত্মকং বাক্যং কাব্যম্” : গতিকে কবিত্ব-হীন জনৰ কাব্যৰ তথা সাহিত্যৰ সমালোচনা-চেষ্টা বাঁজী হয়।

 সাহিত্য তথা সুকুমাৰ কলাৰ সমালোচনা সদায়েই কলা-সৃষ্টিৰ দৰেই সুকঠিন। কিয়নো, মানুহৰ উৎকৃষ্ট কল্পনাৰ উৎকৃষ্ট প্ৰকাশেই যদি সাহিত্য হয়, তাক বাটি-বিচাৰি সুধী সমাজৰ আগত দাঙি ধৰিবলৈ প্ৰায় সমকক্ষ উপলব্ধিৰ আৱশ্যক যে সন্দেহ নাই।

 বিচিত্ৰ খাদ্য-সামগ্ৰিৰ প্ৰদৰ্শনৰ দ্বাৰা যেনেকৈ কাৰো ক্ষুধাৰ উপশম নহয়, পাণ্ডিত্যৰ “কুচ্‌-কাৱাজ’’ৰ দ্বাৰা তেনেকৈ কোনো জনৰ ৰস-উপলব্ধি নহয়; সদৌ সুকুমাৰ কলাৰ দৰেই সাহিত্য উপভোগৰহে বস্তু, আৰু প্ৰকৃত ৰসাস্বাদী সমালোচকৰ যোগেদিহে সৰ্বসাধাৰণে তাৰ উপভোগৰ উপায় পাব পাৰে। ৰবীন্দ্ৰনাথৰ “লোক সাহিত্য", "প্ৰাচীন সাহিত্য", “আধুনিক সাহিত্য” আদিৰ ঘাইকৈ “শকুন্তলা”, “কাব্যেৰ উপেক্ষিতা” আদি অনুপম প্ৰৱন্ধৰ ভিতৰেদি তেনে ৰসাস্বাদ কৰা আৰু কৰোৱা উপভোগমূলক সমালোচনাৰ নিদৰ্শন পাওঁহঁক। তেনে “মহাজন”ৰ পন্থা অনুসৰণৰ সামান্য প্ৰচেষ্টা এইখিনি।

 আন এটি কথা : বৰফৰ মথুৰা পাপ পিন্ধা কাঞ্চন-জঙ্ঘাৰ মহত্ত্বৰ লগত যদি “শেলুৱা শিলত গজা ফুল বনৰীয়া” বা “দুবৰিৰ দলিচা”ৰ ৰিজনি নহয়, তেন্তে এইবোৰৰ সৰলতাৰ লগতো কাঞ্চনজঙ্ঘাৰ তুলনা নাই; সেইহে মানবতাৰ পৰশ পৰা বৰ্ত্তমানৰ দুই-চাৰিখন পুথিও ইয়াত আলোচনা কৰা হৈছে। উদাহৰণেৰে বুজোৱা দৰ্শন শাস্ত্ৰই ইতিহাস; সাহিত্য-বুৰঞ্জীৰ মুক্তিৰ মেৰ-পাকবোৰ এৰাই, অথচ বিভিন্ন যুগৰ চিন্তা-ধাৰাৰ দিশ-বিদিশ নেহেৰুৱাই, সদৌৱে অসমীয়া সাহিত্যৰ সোৱাদ সহজে উপভোগ কৰিব পৰাকৈ এই পুথিখনি লিখা আৰু সজোৱা হৈছে। উদ্দেশ্যৰ সিদ্ধিতেই শ্ৰমৰ সাৰ্থকতা।

 দুকুৰি বছৰৰো আগতে ইয়াৰ সৰহখিনি ৰচনা প্ৰৱন্ধ বা পাতনি স্বৰূপে ওলাই পাছত পুথিৰ আকাৰ পাইছিল; সেইবোৰ কাকত-পুথি এতিয়া দুষ্প্ৰাপ্য হোৱাৰ অন্যায় ছেগ লৈ কোনো-কোনোৱে আমাৰ কথাবোৰকে পুনৰ