পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
অসমীয়া সাহিত্যৰ অধ্যয়ন


 বৰ চৰাৰ মুখতে, পাৰৰ টঙি দিলে, পাখিয়ে ঢপেঢপায়॥
 একাঁঠু তুলিতে, আইদেউ বহিছে, মজিয়া ভকেভকায়॥

এইদৰে কত বিচিত্ৰভাৱে তেওঁলোকে আইদেউক বৰ্ণাইছে! শৰতৰ মুকলি ৰাতি সকলোবোৰ তৰাই উজ্জ্বল; কিন্তু তাৰ মাজত উজ্জ্বলতৰ হৈ জ্বলা ভোটা-তৰাটিৰ দৰে এনে কিছুমান নাম অতীব সৌন্দৰ্য্যব্যঞ্জক হৈ উঠে।

 তেলে চিকেমিকায়, চিকুণ ঐ আইদেউ, গলে চিকমিকায় মণি।
 মুঠিৰে ভিতৰত, কিহে চিকমিকায়? হেঙুল-হাইতালৰে ফণি॥
 ঘিলাৰে গছতে, ঘিলা নাইকিয়া, পাতে তিৰেবিৰে কৰে।
 ককাইদেউৰ গাৰুতে, পিলিপ নাইকিয়া, চকে তিৰেৰিৰে কৰে॥

আইদেউৰ গাত তেলে আৰু ডিঙিত বহুমূলীয়া অলঙ্কাৰে চিকমিকাই তেওঁৰ ৰূপত ৰহন চৰোৱা সকলোৱে দেখিছে, কিন্তু পাতৰ আঁৰৰ পৰা জুমি চোৱা ধুনীয়া ফুলটিৰ দৰে আইদেউৰ পদুমী হাতৰ মুঠিত চিকমিকোৱা অপৰূপ বস্তুটি কি, তাকে কৌতূহল সৃষ্টি কৰি কবিয়ে “সাঁথৰ-ভাঙনি হৈ পানী- মিঠৈ গোটটি” সাজি, ৰচনাত নতুন সৌন্দৰ্য্য সম্পাত কৰিছে। আকৌ, সাধাৰণতে সৰ্বাঙ্গসুন্দৰ বস্তুতো নতুন সৌন্দৰ্য্যৰ যোগে গৰিমা বঢ়ায়; অথচ মৌলিক কবিয়ে এই গতানুগতিক বাট এৰি কোনো অঙ্গৰ অভাৱেৰেও 'ভাত সৌন্দৰ্য সঞ্চাৰ কৰি দেখুৱাব পাৰে; ঘিলা-নোহোৱা গছ আৰু গিলিপ- নোহোৱা গাৰুৰ উপমায়ো সেইদৰে এক অভিনৱ নতুন সৌন্দৰ্য্যৰ সৃষ্টি কৰিছে।

 দৰা যেতিয়া কলৰ গুৰিত নামিলহি, কবি-নামতীসকলে সেই বাতৰি কিৰূপে ৰাষ্ট্ৰ কৰিব?—

 ফকিৰ পালে আসি, উঠা পৰেবাসী, পদূলিত মাৰিছে উকি।
 আছে মই কন্যাদান, নাই যই সমিধান, ফকিৰক নথবা ৰাখি॥
 আইটীৰ ঘৰতে, আজি চোৰ সোমালে, হাতত গৰু ছালৰ বীণ।
 পালি-পহৰীয়া, ভালকৈ থাকিবা, কাণত লোকাপাৰ চিন॥

 সৰলচিতীয়া ধৰমী আইসকলৰ কাৰণে আজি ৰাতিৰ এই অভ্যাগত স্বৰূপতে প্ৰেমিক-সন্ন্যাসী; তেওঁক ৰখাই থবৰ অধিকাৰ কাৰ? কিন্তু এই