পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


কোনেও অন্তশেষে নবখানি নোৱাৰে। কিছুমান নাম যেন ৰূপে- গোন্ধে ভৰপূৰ একোপাহি মনমোহা চেনিচম্পা ফুল, সুঙি থাকিও তাৰ সৌন্দৰ্য্য উপভোগ কৰা শেষ নহয়।

 কইনা নোৱাবৰ হল, আয়তীসকল হাতে হাতে মাহ-হালধি লৈ নোৱাবলৈ গল। কিন্তু কইনাৰ গাত হালধি ঘঁহিবৰ ৰীতি ধৰ্ম্মসঙ্গত হলেও ব্যৱহাৰত তাৰ আৱশ্যকতা আছে জানো? আইদেউৰ গাৰ বৰণেই বা কি?—“কেলেই ঘঁহিছা কেতুৰী হালধি, আপুনি কেতেকীৰ পাহি!” মৈথিলী কবি বিদ্যাপতিয়েও নায়িকাৰ ৰূপ বৰ্ণনা কৰোঁতে তাক জোনাকৰ লগত তুলনা কৰি কৈছে—“দেহ-জোতি সখি, কিৰণ সমাইতি, কে বিভি- নাৱৰে পাৰ?” যিহওক, আইদেউক যেতিয়া নোৱাই অনা হল,—

 গা ধুই আইটী, মাকক সুধিলে, “মোলৈ কিয়ে সাজে আছে?
 ‘ছাঁতে শুকুৱা, মুঠিতে লুকুৱা, তোমালৈ সেই সাজ আছে।'
 গা ধুই আইটী, মাকক সুধিলে, “কি ফুল পিন্ধিব পায়?”
 সেউতী নিপিন্ধে, মালতী নিপিন্ধে, নিপিদ্ধে খৰিকা-জাঁই;
 সাগৰৰ মাজতে, আছে পাৰিজাতো, তাকো আনি দিওঁতা নাই;
 ককাই নওবৈছা, ললে নাৱে-বঠা, পাৰিজাত বিচাৰি যায়।

কেনে অভিনয় মৌলিক কল্পনা। সাহিত্যত এনে “ছাঁতে শুকোৱা মুঠিতে লুকোৱা’’ সাজ কেনে আপুৰুগীয়া! আইটীৰ খোপাৰ ফুলৰ বাচনিত কেনে সুৰুচি, হাতে ঢুকি পোৱা সেউতী, মালতী, একোতেই মন নবহিল; সেই যে মৰ্ত্ত্যৰ দুৰ্ল্লভ দেযৱ-পাৰিজাত, তালৈহে ৰল তেওঁৰ ধাউতি। আঘোণ- মহীয়া মুকলি বতৰত বগা বগা ডাৱৰ দাঁতিয়ে দাঁতিয়ে ধীৰ মলয়াত বায়ু সঞ্চালন নকৰাকৈ পাখি দুখন এনেয়ে মেলি দি বতাহ লোৱা চিলনীৰ দৰে এনেবোৰ গীতত যেন তিৰুতা কবিৰ আকাশ-ছোৱা কল্পনাও এই ধৰণে পাখি মেলি বিনা আয়াসে ওখ আকাশত উটি ফুৰিছে! নাইবা, বৰ্ণনা স্বৰূপে এইবোৰ কল্পনা যেন বাৰিষাৰ মেঘৰ দৰে শূন্যে শূন্যে ওপঙি ফুৰি কেতিয়াবা ঘনীভূত হৈ শ্ৰোতাৰ ওপৰত কবিত্ব-ৰসৰ অমৃত বৰিষণ কৰিছে, আৰু কেতিয়াবা বা হাস্যৰসৰ একোটি জিলিঙনি পৰাত সিহঁতে অপূৰ্ব শোভা ধাৰণ কৰিছে। সিফালে দৰাক নোৱাই তেওঁৰো ৰেহ-ৰূপ বৰ্ণাইছে—