পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
বিয়া নাম


পাৰ আৰু অয়-অলঙ্কাৰৰ দৰে বিয়া নাম গোটোৱাতো ব্যস্ত হৈ উঠে। সূতা লেতিয়াওঁতে, উঘাওঁতে, তাঁত বওঁতে, মহুৰা ফুৰাওঁতে, পানী আনিবলৈ যাওঁতে সমনীয়াহঁতৰ লগত গুণ গুণাই তেওঁলোকে বিয়া-নামৰ আলোচনা কৰিবই লাগিছে। আন নালাগে, একো একো গৰাকী নামতীৰ নাম ওৰে ৰাতি গায়ো ওৰ নপৰে। ’ক’ৰ তিনি চুক চিনি নোপোৱা চহা ডেকাই বন-ঘোষাত যেনেকৈ অপূৰ্ব্ব স্বভাৱ-কবি বুলি চিনাকি দিয়ে, সেইদৰে আধুনিক শিক্ষাৰ সমূলঞ্চে আও-ভাও নোপোৱা অসমীয়া তিৰুতাৰ অসীম কল্পনা- শক্তিৰ পৰিচয় পোৱা হয় তেওঁলোকৰ প্ৰাণ-ঢলা এই আই-নাম বিয়া- নামবোৰত৷

 এই বিয়ানামবোৰ সাধাৰণতে দুশাৰীত ভগাব পাৰি। এবিধ পৌৰাণিক ঘাইকৈ হৰ-পাৰ্ব্বতী, কৃষ্ণ-ৰুক্মিণী, অৰ্জ্জুন-সুভদ্ৰা, উষা-অনিৰুদ্ধ আদিৰ বিয়া বিষয়ক কল্পনাৰ মাজেদি অহা, আৰু ইবিধ আধুনিক বা নৱন্যাসমূলক। ঘাইকৈ এই পিছৰ বিধত স্বভাৱ-কবি অসমীয়া তিৰুতাৰ কল্পনা-গৰিমা, ভাব-সৌষ্ঠৱ আৰু বচন-ভঙ্গিৰ প্ৰাঞ্জলতা আৰু মৌলিকতা বিশেষকৈ মন কৰিব লগীয়া। ইয়াৰ একো-একোটি গীতত, একোটি লনী ঘৰুৱা কথা আৰু একোটি মনমোহা সাধাৰণ উপমাৰ সহায়েৰে অঁকা অসমীয়া ঘৰুৱা জীৱনৰ একোখনি নিখুত চিত্ৰত জাতীয়তা সুন্দৰকৈ জিলিকাই তুলিব পৰা অসমীয়া তিৰুতা সামান্য স্বভাৱ-শিক্ষিতা বুলিব নোৱাৰি। গীত-সাহিত্যৰ এই ঠেঙুলিটোত অসমীয়া জাতিৰ সাহিত্য-ভঁৰালত বহুমূলীয়া শব্দ-সম্পদবোৰ যেন ফল-ফুল হৈ দোঁ খাই লাগি আছে। কবিত্বত ইয়াৰ উপমাবোৰৰ মোল দিবলৈ নাই; একটি উপমাই যেন উপমেয় বস্তুটোৰ ভিতৰ জগতখনৰ সাতকাণ্ড ৰামায়ণ কয়। আহিন মহীয়া দুবৰি বনৰ পাতত লাগি থকা নিয়ৰৰ টোপালবোৰৰ ওপৰত নকৈ উঠি অহা লোন ফৰিংফুটা পোহৰ পৰাদি, মাজে মাজে ঘনীভূত কৰুণ ৰসত গা-ধোৱা এই নামবোৰৰ ওপৰত কবিত্বৰ শাৰদীয় শুভ্ৰ কিৰণ-মালাই যেন হেঁপাহ পলুৱাই উমলি-জামলি ফুৰিছে! কিছুমান গীতত যেন অসমীয়া তিৰুতাৰ স্বভাৱ-সুলভ সৰলতা আৰু কমনীয়তা মিলি আকাৰ ধৰি সেইদৰে আত্মপ্ৰকাশ কৰিছে। সৰহখিনি গীততে নিছেই সৰু কোমল শব্দ-গাঁথনিৰে ওখ ধৰণৰ কবিতাৰ ভাৰ ফুটাই তুলি তিৰুতা কবিয়ে ৰচনাৰ যি মোহিনী জাল তৰিছে, তাক চাই