পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসমীয়া সাহিত্যৰ অধ্যয়ন

বিয়া নাম—তিৰুতাৰ গীত

বৈষ্ণৱ সাহিত্য যদি আমাৰ শিৰৰ বস্তু, জন-সাহিত্য নিশ্চয় আমাৰ অন্তৰৰো অন্তৰত; পোনৰটি যদি প্ৰধানকৈ শিক্ষামূলক, পিছৰটি সৰ্ব্বতো- ভাৱে বসন্ত বতাহত আপোন-মনেৰে উৰি ফুৰা কমোৱা তুলাৰ দৰে মুকলি- মূৰীয়া। এই জন- সাহিত্যৰ ভিতৰুৱা লৰা-ওমলা নামবোৰত যিখিনি ঠাই অধিকাৰ কৰিছে খৰালিৰ লাহি ককালৰ প্ৰকৃতি-জীয়ৰী তটিনী সুন্দৰীৰ কুলকুল্ গীতৰ দৰে আধাফুটা সুচঞ্চল ভাবাবেগে। আই-তুতিত যিখিনি ঠাই জুৰি লৈছে ভকতীয়া আইসকলৰ সংসাৰৰ ত্ৰিতাপক্লিষ্ট আত্মা জুৰাই শীতল পেলোৱা, জেঠ মাহৰ টিকাফটা ৰ’দত হঠাৎ কঁপি উঠা প্ৰকৃতিৰ চঞ্চল অঞ্চল যেন মৃদু মলয়াৰ এছাটি বাৰ দৰে সুশীতল ভক্তি-কল্পনাই; বন-ঘোষাত যি ঠাই জিনি আছে ঘাইকৈ ডেকা-গাভৰুৰ পৰম্পৰ আকৰ্ষণ আৰু মিলনৰ 'উদ্ভ্ৰান্ত ভাব এটাই, অসমীয়া বিয়া-নামত সেই ঠাই ঢাকি লৈছে তিৰুতাৰ স্বভাৱ-সুলভ ঘৰুৱা মায়া-মমতাৰ ৰসত জুৰুলি-জুপুৰি বিৰহৰ ভাব আৰু দৰা-কন্যা মিলনৰ কল্পনা-পৰাগত লুতুৰি-পুতুৰি স্বভাৱ-কবিতাই।

 বসন্তত হাবি-বনবোৰ হঠাতে এদিন গীত-মুখৰিত, তৰু-লতা মুঞ্জৰিত আৰু সুগন্ধি সৌৰভত উদাস হোৱাৰ লগতে প্ৰকৃতি প্ৰাণপূৰ্ণা হৈ উঠাৰ দৰে, উদ্ভিন্ন নযৱ যৌৱনত আকুল পথিকৰ অন্তৰ উদ্ভ্ৰান্ত প্ৰীতি-গীতেৰে উপচি পৰাৰ নিচিনাকৈ, জ্ঞাতি-কুটুম্ব বা ওচৰ চুবুৰীয়াৰ বিয়াৰ কথা শুনাৰ পৰাই সেই বিষয়ক আশ্ৰয় কৰি তেওঁলোকৰ কল্পনা বিচিত্ৰভাৱে ঠন ধৰি উঠে। মানুহৰ জীৱনত জনম-মৰণতকৈ কোনো গুণে হীন নোহাৱা বিয়া এটি মহৎ সংস্কাৰ; আৰু খোৱা-পিন্ধা আনন্দ-উলাহেৰে ৰাংঢালী ধৰ্ম্ম আৰু অমোদৰ প্ৰধান উৎসৱ। প্ৰায় বাৰও মাহ ঘৰুৱা বনতে লেকাট লাগি বাহিৰৰ আটাইবোৰ ৰং-ধেমালিত মুনিহৰ দৰে মুকলি মনেৰে যোগ দিবলৈ নোপোৱা ঘাইকৈ গঞা তিৰুতাৰ কাৰণে ই এক প্ৰধান আনন্দৰ পৰ্ব্ব, আৰু তাত এওঁলোকৰে ভালেমান বিষয়ে ভাগ সৰহ। সেইদেখি ওচৰ-চুবুৰীয়া বা সম্বন্ধীয়াৰ বিয়াৰ উম-ঘাম হোৱাৰ পৰা তেওঁলোক গাৰ সাজ-