পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


উশাহ-নিশাহ (আৰ্টিফিছিয়েল ৰেস্পিয়েক্সন) দিছে। এই খৰ-খেদাৰ বাবেই, আত্মাৰ সৌন্দৰ্য্যৰ কথাই নাই, শৰীৰৰ অবয়বৰ স্বাভাৱিক সৌন্দৰ্য্যলৈও ভ্ৰূক্ষেপৰ আহৰি আমাৰ নোহোৱা হৈছে; আৰু বজাৰৰ পাউদাৰ, স্ন’ আদি প্ৰসাধনৰ বস্তুৱেই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ ঠাই পূৰাইছে।

 এনে হোৱাও স্বাভাবিক। ৰাজনৈতিক শাসনৰ যুঁৱলি সলাবৰ সময়ত যেনে বেমেজালি স্বাভাৱিক, সাহিত্যৰ বিষয়তো সেই কথাই। এনে সময়ত কলা-বিদ্যাই খুন্দা-খুন্দলি খোৱা বা নতুন দলৰ অগ্ৰহাতিশয্যৰ বাবে আহুকালত। পৰিব লগা হোৱাটো তাৰ অনুশাসন বুলি মানি ল'ব লাগিব। বৰ্ত্তমান যুগৰ কবিতাত যদি সৌন্দৰ্য্য আৰু মাধুৰ্য্যৰ পৰিবৰ্ত্তে আমি হুটা আৰু খহতা গুণহে দেখা পাওঁ, তাৰ পৰা আমি বুজিব লাগিব আমাৰ বৰ্ত্তমান জীৱন তেনে হুটা আৰু খহতা হৈছে; গতিকে সাহিত্যত সিও স্বাভাবিকেই। ন-ধানৰ চাউলে পোনতে পেটৰ অসুখ-বিসুখ ঘটাবই, দিন যোৱাৰ লগে লগে তাৰ সেই দোষ যাব নিশ্চয়। আৰ্থব ফম্পটন্ বিকেটে কবৰ দৰে, “নতুনকৈ তৈয়াৰি কৰা সুৰা জ্বলা-তিতা আৰু মূৰ-ঘূৰোৱা হ’বই; সময়েহে তাৰ সেইবোৰ দোষ গুচাব পাৰিব। ইয়াৰ ভিতৰতে এই মূৰ-ঘূৰোৱা নতুন পানেয় বৰকৈ সেৱন কৰি ঢলং-পং হৈ অত্যাচাৰেই বল আৰু ব্যভিচাৰেই স্বাধীনতা বুলি ভ্ৰম কৰোঁতাসকলৰ লগত আমি বিশেষ সহ্য গুণেৰে চলিব লাগিব।”

 “পুৱালৈ সময় কিমান” পদ-পুথিত আমি আধুনিক কবিতাৰ ওপৰত বৰ্ণোৱা প্ৰায়খিনি গুণকেই দেখা পাওঁহঁক।—

অনন্ত গতিত ঘূৰা
দুখ-দৈন্য অৰ্দ্ধাহাৰী-অনাহাৰী
পতিতৰ, দলিতৰ, মহাপাৰাবাৰ;-
শোষণৰ-আটাহৰ উৰ্মি উঠে!’’ (পুৱালৈ সময় কিমান? )

 আদিত নৈতিক আৰু অনুভূতিসূচক মানৱীয় ব্যক্তি-তন্ত্ৰবাদতকৈও অৰ্থনৈতিক, মানসিক আৰু শ্ৰেণী-বিভাগৰ বিৰোধী দলতন্ত্ৰমূলক (কলেঙ্কি- ভিষ্টিক) সুৰহে শুনিবলৈ পাওঁ।