পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭১
“সজাগ নিশা’’ উপন্যাস—মিছ ছাইমন


 গতিকে নামটিৰ পৰা অনুমান হৈছিল জানোচা ই “কুৰি শতিকাৰ মুক্ত নৈতিকতা’’ৰ নাৰ্ছ-জীৱনৰ কোনো উদ্ভ্ৰান্ত প্ৰেম-কাহিনী। এনে নানা পূৰ্ব্ব-আশঙ্কাৰেই পুথিখন মেলি ল'লোঁ॥

 পঢ়া আৰম্ভ কৰাৰ লগে লগেই এনেবোৰ আশঙ্কা অমূলকৰূপে এটি-দুটিকৈ আঁতৰিবলৈ ধৰিলে। পঢ়োঁতে পঢ়োঁতে যাত্ৰীসকলৰ ওলোৱা-সোমোৱা, ষ্টেস্যনত মজদুৰ আৰু বস্তু-বেচোঁতাৰ চিঞৰ-বাখৰ; বাহিৰৰ প্ৰকৃতিৰ “ফাগুন লেগেছে বনে বনে, 'আগুন লেগেছে বনে বনে’’—সকলো পাহৰি কেৱল পঢ়িবলৈ ধৰিলোঁ। যাত্ৰাৰ আধাখিনিতে পঢ়া শেষ হ’ল; কিন্তু, বাকী ছোৱাও “সজাগ নিশা’’ৰ বৰ্ণনাবোৰেই মোৰ মনত সজাগ হৈ থাকিল।

 পোনতে এগৰাকী বিদেশী মহিলাৰ দান “সেই মহৎ অনুষ্ঠানটি’’ৰ পৰিচয় —“যি সকল নাৰ্ছে এই অনুষ্ঠানত ট্ৰেইনিং ল’ব, তেওঁলোকে মাত্ৰ নিজৰ জীৱিকাৰ অৰ্থে এই বিদ্যা নিশিকি মানৱ জাতিৰ কল্যাণৰ অৰ্থে যেন শিকে, আৰু ইয়াত থাকি খৃষ্টক আদৰ্শ ৰাখি উন্নত-চৰিত্ৰ, স্বাৰ্থত্যাগী, কোমল-হৃদয় আৰু উদাৰ-মন নাৰ্ছ হৈ ধনতকৈও যেন মানৱত্বক উচ্চ আসন দিব পাৰে।”

 তাৰ পাছতেই সেই অনুষ্ঠানৰ মেনেজিং কমিটিৰ অধিবেশনত ষ্টাফ নাৰ্ছ ৰুবী চৌধুৰীৰ বিচাৰ বা অবিচাৰত আৰু তেওঁক সম্পূৰ্ণ দোষী সাব্যস্ত কৰি চৌবিশ ঘণ্টাৰ ভিতৰত সেই অনুষ্ঠান এৰি যাবলৈ দিয়া আদেশ। আচৰিত কথা, ৰুবীয়ে তেওঁৰ দোষৰ কথা একো নাজানে; অথচ বিনা বাক্যব্যয়ে তেওঁ সেই বিচাৰ-অবিচাৰৰ দণ্ড মূৰ পাতি ললে; অনাৰ্ছলৈ প্ৰাদেশিক পৰীক্ষাত উদ্ভীৰ্ণ হোৱা ৰুবী তাত ষ্টাফ, নাৰ্ছ’ হোৱা এবছৰ মাথোন হৈছিল, আৰু ভনীয়েক নাৰ্ছ লিলীয়ে নিজ দোষৰ সৈ নকঢ়া বাবে সেই দোষৰ দণ্ড কেনেবাকৈ তেওঁৰ ওপৰলৈ আহিল বুলি পাছত ৰুবীয়ে বুজিব পাৰিলে। তথাপি তেওঁ ভনীয়েকক আগলৈ সাৱধনে চলিবলৈ সতৰ্ক কৰি দি সেই দোষ আৰু অপমানৰ গধুৰ বোজা মূৰত লৈ সেই ঠাই এৰি আছিল।

 ইয়াৰ অলপ দিনৰ মুৰত ৰুবী সেই ঠাইৰ পৰা দূৰত এটা ডাঙৰ হস্পিতালৰ অপাৰেটিং থিয়েটৰৰ নাৰ্ছ নিযুক্ত হয়। তাতো অলপ দিন বিশেষ উপযুক্ত তাৰে কাম চলোৱাৰ পাছত একেদৰেই আনৰ দোষত তেওঁ দোষী সাব্যস্ত হৈ খেদা খায়। ঘটনাটো চমুকৈ এয়ে--মিঃ সিং নামে এজন আঢ্যৱন্ত ৰোগীক অকলশৰে শুশ্ৰূষা কৰোঁতে ৰোগীজনে তাৰে অন্যায় সুবিধা লব খোজে;