পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬১
“অগ্নিৰেখা’’ কবিতা—ফাতেমা খাতুন


 পুৰুষৰ ভিতৰত যদি ইমান, তেন্তে তিৰুতাই নিয়তিৰ কঠোৰ বিধানৰ উপৰিও পুৰুষৰ অশেষ নিৰ্য্যাতন চিৰকাল সহি আহিছে, সেই তিৰুতাৰ যে অভিযোগ কিমান হ'ব পাৰে। কিন্তু ঈশ্বৰো যে পুৰুষেই!! সৰহ কি, ভগবানৰ অষ্টম অৱতাৰ শ্ৰীৰামচন্দ্ৰৰ যি ৰাম-ৰাজ্যৰ আমি আজিও ইমান বৰাই কৰোঁহঁক সেই ৰাম-ৰাজ্যতো সীতাৰ প্ৰতি কি ঘোৰ অবিচাৰ!

 তিৰুতাৰ সপক্ষে ওকালতি কৰিবলৈ মোৰ কোনো "ব্ৰিফ’’ নাই, ভিন স্বাৰ্থও নাই। তিৰুতাৰ গাত কোনো দোষ নাই বা তিৰুতাৰ শাৰীৰিকৰ দৰে মানসিক, নৈতিক আদি দুৰ্ব্বলতা নাইবা আমাৰ শাস্ত্ৰকাৰসকলৰ দৰে শ্বেক্সপীয়েৰৰ নিচিনা মহা কবিয়েও কোৱা কথা ‘দুৰ্ব্বলতা, তোৰ নামেই তিৰুতা” বোলা কথাষাৰো সম্পূৰ্ণ অমূলক, তেনে কথাও মই একে আষাৰে কব খোজা নাই। আনহাতে, তিৰুতাৰ সকলো দোষ আৰু সকলো দুৰ্ব্বলতা মানি লৈও মই ইয়াকেহে কম, সেই দিষ আৰু সেই দুৰ্ব্বলতাৰ বাবেই তিৰুতাৰ প্ৰতি সহানুভূতি আৰু ন্যায় বিচাৰ অত্যন্ত আৱশ্যকীয়; কিয়নো শতকৰা নব্বৈটা দুৰ্ব্বলতাৰ বাবে পুৰুষ আৰু সমাজেই দায়ী। ডাৰুইনৰ অভিব্যক্তিবাদেও এই মত সমৰ্থন কৰে যে তিৰুতা অবলা আৰু চেচুকৰ ডাম- ডেউকা, কিয়নো পুৰুষে তিৰুতাক সেই ৰূপেই বিচাৰে। আমাৰ ঘৰৰ লগুৱা-লিগিৰীয়ে যে চুৰ কৰে, মিছা কথা কয়, তাৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমি গিৰিহঁত বা গিৰিহঁতনী দায়ী নহওঁহঁক নে?

 সি যি হওক, মোৰ কব লগা কথা এয়ে, অসমীয়া সাহিত্যত অসমীয়া তিৰুতাৰ প্ৰাণৰ কথা, অভাৱ-অভিযোগ, প্ৰকাশ পাওক; কিয়নো সেয়ে নহয় মানে সমাজে তাৰ প্ৰতিকাৰ কৰিব নোৱাৰে, সাহিত্যতো তিৰুতা লেখিকাৰ বিশিষ্ট দানৰ পৰা আমি বঞ্চিত হওঁহঁক। এই প্ৰসঙ্গত আমি পাহৰিব নালাগিব যে তিৰুতা সুকীয়া পদাৰ্থ নহয়। মাছৰ বুকৰ পেটৰ দৰে, তিৰুতা অকল পুৰুষৰ অৰ্ধাঙ্গিনীয়েই নহয়, তিৰুতা আমাৰ আই, বাই, ভনী আৰু সৰহ কি, আমাৰ নিজ তেজ-মঙহৰ জীয়ৰী।

 স্ত্ৰী-স্বাধীনতা আৰু তিৰুতাৰ অভাৱ-অভিযোগৰ বাহিৰেও আন বিবিধ বিষয়ৰ জোকাৰ এই লেখিকাৰ বীণত বাজি উঠিছে, আৰু তেওঁৰ কবিত্ব- শক্তিৰ প্ৰমাণ দিছে। ধুমুহা আৰু ডবা-পিটা বৰষুণৰ পাছত আকাশ মেঘ-যুক্ত