পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৭
“অগ্নিৰেখা’’ কবিতা—ফাতেমা খাতুন


 তিৰুতাৰ অভাৱ-অভিযোগৰ সীমা নাই। পুৰুষৰ দৰে নিজ জীৱন- নিৰ্ব্বাহৰ দায়িত্ব থকাৰ উপৰিও সন্তান-ধাৰণ আৰু প্ৰতিপালনৰ ভাৰ থকাত, তিৰুতাৰ ওপৰত পুৰুষৰ দুগুণ বোজা। তাৰ উপৰি সমাজৰ নিৰ্য্যাতন, পুৰুষৰ বহু-বিবাহ আদি অত্যাচাৰ!

 অতীত বুৰঞ্জীলৈ চালে দেখা যায় যে মাতৃ-স্বত্বই সমাজৰ আদিম আৰু স্বাভাবিক অৱস্থা, আৰু সেই অৱস্থাত তৰুতাৰ বহু-বিবাহ, সম্পত্তিৰ ওপৰত অকল তিৰুতাৰ স্বত্ব, মাতৃৰ উপাধি অনুসৰি সন্তানৰ উপাধি আদি পূৰ্ণভাৱে প্ৰচলিত আছিল। দ্ৰৌপদীৰ একে লগে পঞ্চপতি আৰু আজিও খাচীয়া জাতিৰ মাতৃ-স্বত্বই সেই সত্য স্পষ্ট প্ৰমাণিত কৰে। কিন্তু কালৰ গতি উলটি গল, আৰু খিলঞ্জীয়া মাতৃ-স্বত্বৰ ঠাইত পিতৃ-স্বত্ব “বাহাল’’ হল! আৰু সেয়ে পুৰুষ সমাজৰ শাসন আৰু ঈশ্বৰৰ বাণী হল!! এতিয়া সেই দিনলৈ ঘূৰি যোৱা কথা বৰ্ব্বৰতা বুলি গণ্য হব নিশ্চয়, কিন্তু সেই ফাললৈ ঘূৰি নগৈও আমি আজি অন্ততঃ তিৰুতাৰ বহু-বিবাহ অন্তৰ্হিত হোৱাৰ দৰে পুৰুষৰ বহু-বিবাহ অবিলম্বে অন্তৰ্হিত হব লাগে বুলি দাবী কৰিব নোৱাৰোঁনে? ভয় নাই, “ডেলফিক অৰেকলৰ’’ দৰে ইও নিশ্চয় সমাজৰ শাসন আৰু ঈশ্বৰৰ বাণীত পৰিণত হোৱাত কোনো বাধা নাথাকিব।

 হিন্দু সমাজৰ অমানুষিক সতীদাহ প্ৰথালৈ মন কৰিলে আমি সমাজৰ শাসন ঈশ্বৰৰ বিধান হয়নে নহয় তাৰ প্ৰমাণ পাব পাৰোঁ। ইংৰাজ গৱৰ্ণমেন্টে সতী-দাহ প্ৰথা গুচাবলৈ দিহা কৰোঁতে বিদেশী গৱৰ্ণমেন্টে মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণাৰ বিৰুদ্ধে ধৰ্ম ধ্বংস কৰিব খুজিলে বুলি চাৰিওফালে হৈ-চৈ লাগিল। কিন্তু মহামতি মেক্সমূলাৰ প্ৰভৃতি মনস্বীয়ে যেতিয়া দেখুৱালে যে স্বামী মৰিলে তেওঁৰ তিৰুতাই স্বামীৰ লগত চিতাৰ জুইত পুৰি মৰিব লাগে বুলি কোনো কথা হিন্দু শাস্ত্ৰত নাই, সি হিন্দু শাস্ত্ৰৰ এটা শ্লোকৰ ভুল পাঠ আৰু ভুল ব্যাখ্যাৰ ওপৰত প্ৰতিষ্ঠিত এটা কুসংস্কাৰ মাত্ৰ। তাৰ ভয়ানক কুফল স্বৰূপে কোটি কোটি নিৰ্দোষ তিৰুতাক বলি-শালৰ ছাগলিত- কৈও নিষ্ঠুৰ নৃশংসভাৱে হত্যা কৰা হল, তেতিয়া হিন্দু সমাজৰ নেতা- সকলে তিৰুতাৰ প্ৰতি এনে ঘোৰ পাপ আচৰণ কৰাৰ বাবে নিজক কি প্ৰায়শ্চিত্ত বিহিলে? ইংৰাজ গৱৰ্ণমেণ্টলৈ আমাৰ সহস্ৰ শলাগ, হিন্দু সমাজত তিৰুতাৰ সতী-দাহ নামৰ সেই বৰ্ব্বৰ প্ৰথা আজি অতীতৰ এটা