পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


কোনেবা আমাক ৰাখিব ধৰি, ক্ষমতা কাৰনো আছে?
নামানো আমি অন্যায় শাসন, কিয় অত্যাচাৰ পাছে?
চাবিনিশ আমি কঁপাই তুলিম, জ্ৱলাম বিদ্ৰোহানল।
নাৰীৰ স্বত্ব ঘূৰাই আনিম, নালাগে যুদ্ধ-সমল।
নহওঁ ক্ষুদ্ৰ, নহওঁ তুচ্ছ, নহওঁ শক্তিহীনা;
সৃজন-কৰ্ত্তাৰ সৃষ্টিত আমি নহওঁ পৰাধীনা"। (যুক্তি )

 ভাৰতবৰ্ষ আজি স্বাধীনতাৰ দুৱাৰ-দলিত। কিন্তু ৰাজনৈতিক স্বাধীনতাকে মই প্ৰকৃত স্বাধীনতা নোবোলোঁ—

‘মাৰিলে ইটাৰ গড় নোহে বৰ্মীশাল, লোহাৰেও পিঞ্জৰা নহয়।”

 কামাল পাছাৰ তুৰস্কৰ নৱ অভ্যুদ্যয়ক জেনেব, খেলেক আক হেলিভে হানুমে সাফল্যমণ্ডিত কৰাৰ দৰে, নাৰী জাগৰণে ভাৰতকে সুস্থ স্ত্ৰী-স্বাধীনতা আৰু আৱশ্যকীয় স্ত্ৰী-স্বত্বৰ পুনৰুদ্ধাধেৰে হেৰোৱা গৌৰৱ-মুকুট আকৌ পিন্ধাব পাৰিব বুলি আশা কৰোঁ৷ এনে নাৰী-স্বত্বৰ সন্মানে তেতিয়াহে পুৰুষকো তিৰুতাৰ অন্তৰৰ অকৃত্ৰিম জয়-মাল্য পিন্ধাব পাৰিব। “অষ্টম এডোৱাৰ্ডত” এওঁ লিখিলে—

“হে অষ্টম এডোৱাৰ্ড, তুমি মহা ত্যাগী।
তোমাৰ আদৰ্শ আজি উঠে বিশ্ব ব্যাপি।
প্ৰেমৰ সম্ৰাট হলা তুমি যে প্ৰকৃত;
তোমাৰ দৃষ্টান্ত নাই আজি পৰিমিত।
নাৰীৰ সন্মান আজি তুমিয়ে ৰাখিলা,
সঁচা ভালপোৱা কেনে তুমি দেখুৱালা।
পৃথিবী যিমান দিন স্থিৰ হৈ ৰব;
জ্বলন্ত অমৰ কীৰ্ত্তি বুৰঞ্জীয়ে গাব।”

লেখিকাৰ সৰহখিনি কৱিতাই শুদা কবিতা নহয়, সেইবোৰ—

"জলি যোৱা অন্তৰৰ পুৰি হোৱা ছাই, প্ৰবোধৰ দীপশিখা নীৰলাত পাই।
গুজৰি গুমৰি উঠা হিয়াৰ সন্তাপ; উতলি উপচি পৰা প্ৰাণৰ প্ৰলাপ।
জীৱনৰ ইতিহাস তীব্ৰ অগ্নিশিখা।” (প্ৰবোধ )