পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৫
“অগ্নিৰেখা’’ কবিতা— ফাতেমা খাতুন


 অসমীয়া সাহিত্যত তিৰুতাই নিজ ঠাই লোৱা সৰহ দিন হোৱা নাই। স্বনামধন্য আনন্দৰাম ঢেকিয়াল ফুকনৰ সুযোগ্যা জীয়াৰী ৺পদ্মাৱতী ফুকননীকে এই বিষয়ত বাট-দেখাওঁতা বুলিব পাৰি। কিন্তু তেওঁ বিশেষভাৱে কবি নাছিল। তেওঁৰ পাছত অৱশ্যে কেইবা গৰাকীও অসমীয়া তিৰুতা কবি ওলাইছে। কিন্তু অসমীয়া কবিতাৰ ভিতৰেদি তিৰুতাৰ নিজৰ প্ৰাণৰ কথা মুকলিকৈ এতিয়াও বিকশিত হবৰ নৌ! ভাৰতীৰ বীণত অসমীয়া তিৰুতাৰ প্ৰাণৰ আপোন সুৰ এতিয়াও বাজি উঠিবলৈ বাকী।

 অকল অসমীয়া সাহিত্যতে নো কিয় বোলোঁ, জগতৰ প্ৰায় সাহিত্যতে। এই সুৰ শুনিবলৈ সদায় বাট চাব লগা হয়। ইয়াৰ হেতু কেইবাটিও। এক হেতু, তিৰুতাৰ স্বভাৱ-সুলভ সঙ্কোচ, বা বঙালীয়ে কবৰ দৰে, তিৰুতাৰ বুকু ফুটে, মুখ নুফুটে। আন হেতু, আমাৰ সমাজ-শাসন; যি সমাজত পুৰুষ-তিৰুতা উভয়েই অগ্নি আৰু গুৰুজন সাক্ষী কৰি জীৱনে-মৰণে দুয়ো এক আৰু অভিন্ন বুলি শপত খায়ো, পিছ মুহূৰ্ত্তকে পুৰুষে সেই শপত ভাঙি আৰু এজনী কিয়, দহজনী তিৰুতাও বিয়া কৰাব পাৰে, আৰু তাত সমাজৰ সম্পূৰ্ণ সমৰ্থন পায়, অথচ ফুলতে বাৰী হোৱা তিৰুতায়ো আকৌ বিয়াৰ নাম লোৱা মাত্ৰই ভ্ৰষ্টা আখ্যা পায়, তেনে সমাজৰ টেপাত তিৰুতাৰ ডিঙিৰ মাত চিৰকাললৈ ৰোধ হোৱাত বিচিত্ৰতা কি? সৰহ-তাকৰ এনে অৱস্থাৰ পৰিণাম স্বৰূপেই জগতৰ সাহিত্যতে তিৰুতাৰ প্ৰাণৰ কথা এটা আপুৰুগীয়া বস্তু। অৱশ্যে তিৰুতাৰ নামেৰে অনেক লিখা বা কবিতা আমি পাওঁহঁক, কিন্তু প্ৰকৃত তিৰুতা-লেখিকা আৰু তিৰুতা-কবি এতিয়াও ইমান বিৰল! আৰু আন এটা হেতু, পুৰুষ-লেখক আৰু পুৰুষ-কবিৰ যুগ-যুগান্তৰ জোৰা প্ৰভাৱৰ হাত সাৰি তিৰুতাই স্বাধীনভাৱে লিখা অৱশ্যে শকত কথাও।

 বৰ্তমান লেখিকাৰ লগত ইয়াৰ আগত মোৰ কোনো চিনাকি নাছিল; কিন্তু তেওঁৰ এই কবিতাবোবৰ ভিতৰেদি মই তেওঁৰ যি পৰিচয় পাইছোঁ সি লেখিকাৰ প্ৰতি মোৰ যেনেকৈ এটি সৰল সহানুভূতি জগাইছে, তা লগতে অসমীয়া কবিতাত তিৰুতাৰ আপোন সুৰ বাজিবৰ উপক্ৰম হৈছে। বুলি এটি আশ্বাসো জন্মাইছে। তেওঁ লিখিছে—

“পৃথিবী সৃষ্টি যিজনে কৰিলে, আমাকে সিজনে গঢ়া;
আমিনে কিয় হম বঞ্চিত, মুক্তি ৰত্নৰ পৰা?