পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সোণৰ সোলেঙ্—পাৰ্ৱতিপ্ৰসাদ

মহাত্মা টলষ্টয়ৰ শুদা ঢোল” নামৰ সাধুৰ নায়ক এমেলিয়ানক তেওঁৰ দেশৰ ৰজাই এক অসাধ্য সাধন কৰিবলৈ দিছিল,—কলৈ-যোৱা-নজনা ঠাইৰ পৰা কি-আনিছে-কব-নোৱৰা বস্তুটো আনিবলৈ, প্ৰাণৰ ডঁৰিত। যেনেকৈয়ে হওক সেই বস্তুটি আনিলত আৰু ৰজাই ফাকি দি সেই বস্তুটো নহয় বুলিলত এমেলিয়ানে সেইটো যেতিয়াই ভাঙি পেলাব খুজিলে, তেতিয়াই তাৰ পৰা ওলোৱা শব্দ শুনি যেয়ে য’তে অছিল ৰজা-প্ৰজা কাৰো হাক-ডাক নামানি সেই শব্দৰ পিছে পিছে ঢাপলি মেলিবলৈ ধৰিলে।

 সোণৰ সোলেঙটোও তেনে কলৈ-যোৱা-নজনা ঠাইৰ পৰা কি-আনিছে- কব-নোৱৰা বস্তু। সোলেঙ-টেঙা, সোলেঙ শাক, আন নালাগে মধু-সেলেঙো অসমীয়াৰ কাৰণে কোনো আপুৰুগীয়া বস্তু নহয়; অথচ যেতিয়াই “সোণৰ” সোলেঙ নাম ওলাল তেতিয়াই সি কবি-গুৰু বাল্মিকীৰ প্ৰতিভাৰ অভিনয় সৃষ্টি “সোণৰ হৰিণ’’ৰ দৰে কি যে এটা ময়াপী বস্তু হৈ পৰিল। ইফালে তাৰ কায়িক অস্তিত্বৰ ক'তো সাৰ-সুৰেই নাই!!

 ভৌতিক জগতে এই সোণৰ সোলেঙৰ কোনো ভূ-ভা পাওক-নাপাওক, কল্পনা ৰাজ্য কিন্তু তাক লৈ চিৰকাল আমোল-মোল, “গুলজাৰ”! কিয়নো “সোণৰ সোলেঙ, সুখৰ সপোন, চৰম প্ৰাণত হেঁপাহ গোপন"। আৰু— জীৱনৰ ছগা উৰি উৰি যায়, ধৰোঁ ধৰোঁ কৰে বিচাৰি নাপায়।" আৰু তাকে লৈ “মহাজীৱনৰ বন্তি জলিছে চৌদিশ উজলাই।’’ কস্তুৰী পহুৱে নিজ বুকুত সেই গন্ধ-মাদকতা লৈ বন-বনান্ত তাৰ বাবেই ব্যাকুলভাৱে অনাই-বনাই ফুৰাৰ দৰে মানুহেও চিৰকাল সেই সোণৰ সোলেঙ নিজ প্ৰাণত লৈ নিজেই নাজানি তাকে বিচাৰি বাহিৰত হাবাথুৰি খাই ঢপলিয়াই ফুৰিছে—“কোথায় প্ৰাণেৰ প্ৰাণ অনন্ত? তাঁহাৰে খুজিব দিগদিগন্ত।” ইংৰাজ কবি গল্ডস্মিথৰ “বাটৰুৱা” সেইহে জগতত অনাই- ঘনাই ফুৰি শেষত তাৰ সন্ধান পাইছিল—“হাবাথুৰি খাই মই ঘূৰিলোঁ মিছাতে। সেই সুখ আছে মোৰ হিয়াৰ মাজতে।” অথবা অসমীয়া কবি চন্দ্ৰকুমাৰৰ ভাষাৰে, “হিয়াৰ মাজেই অনন্ত সুখৰ পৰি আছে ৰাজবাট।