পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫২
অসমীয়া সাহিত্যৰ অধ্যয়ন


অনেক কবিতাত মাজে মাজে কলা-মূলক সৌন্দৰ্য্যৰ ভাব একো ছাটি বিমল জেউতি পৰিছে—

‘কোন দেৱতাৰ কণ্ঠহাৰ তুমি, কিয় বা আহিলা নামি? “উষা আৱাহন”

“ঠাই এৰা চুলিখিনি কপালৰ পৰা, বাৰে বাৰে আঁতৰাই থই,
সৰল প্ৰতিমা যেন উদ্দেশ্য-বিহীন, চাই থাকাঁ একেথৰে ৰই।” “দেবীনে”

 “মালতী নাথাকে যদি লাহৰী খোপাত,
 খহি পৰে বুকুৰ বসন :
 আমনি কৰেহি যদি পুৱাৰ বতাহে,
 সেয়ে মোৰ হব সোঁৱৰণ।

—“তুমি মোক নাযাবা পাহৰি।”

 “এতিয়া বুজিম মই বিৰহী কণ্ঠত,
 বিষাদ-ৰাগিণী কিয় ইমান মধুৰ;
 ক'ৰ পৰা উৰি আহি বাজেহি প্ৰাণত,

 নজনা-দুশুনা এটি বিষাদৰ সুৰ।

“তটিনী পাৰত’’


 “ফুল মৰহিলে থাকিব সৌৰভ,
 জোনটি বুৰিলে থাকিব তৰা।
 সপোন ভাগিলে থাকিব মাধুৰী,

 তাৰ জেউতিত ভূবন ভৰা।'—

'হেৰোৱা সপোেন’

 সামৰণিত, “নিজৰা’’ৰ কবি ৰাজখোৱা দেৱক এজন নিপুণ অসমীয়া কাব্য- শিল্পীৰূপে আমি আন্তৰিক অভিবাদন জনাওঁ।

ভূমিকা, “নিজৰা-লগৰী”, ১৯৩৯; ১ আঘোণ, ১৮৬১ শক।