আৰু কওঁতে-কওঁতেই কবিৰ কল্পনা-পটত সেন্দুৰী উষাৰ ৰূপ ফুটি উঠিল,
আৰু লগে লগে সতী আৰু বিলাসিনীৰ ভেদ মনলৈ আহিল—
“ওলালে আগত উষা দেবী মোৰ লাজত পৰিবি জঁই।
সতীৰ আগত বিলাসিনী তই নোৱাৰ দেখাব মুখ;
দুৰ্ভগীয়া বিনে নিবিচাৰে আনে তোৰ আশ্ৰয়ত সুখ।”
গতিকে এইদৰে কবি এটি চিৰন্তন সত্যত উপনীত হল। এনেকৈয়ে, “আকাশী-লতা" কবিতাত সাধাৰণ বনৰীয়া গছ এজোপা আকাশী লতাই মেৰাই ধৰা দেখি, প্ৰেমিকৰ হৃদয়েৰে কবিয়ে গছজোপাৰ মনোভাব তিনিফাকি কথাত ফুটাই তুলিলে—
“বনৰীয়া গছ মই বতাহত হালি-জালি
উঠিছিলোঁ নিজান বনত;
ক'ৰ পৰা আহি তই, সোণালী আকাশী লতা,
পৰিলিহি মোৰেই শিৰত?
ইমান কোমল তই সোণ-বৰণীয়া লতা,
কোন সতে ৰাখিম তলত।
সেইদিনা নুবুজিলোঁ, অসহনি ভাব তোৰ—
তুলি ললোঁ পোনেই শিৰত।
এতিয়া সোণালী লতা, তেনেই মেৰালি মোক;
উচ্চ-শিৰ নোৱাৰো তুলিব।
বাহিৰে জিলিকি আছোঁ অন্তৰৰ কথা মোৰ
কাক ক’ম, কোনে পতিয়াব?"
প্ৰেমিকৰ এই “বাহিৰে জিলিকি’’ থকা অন্তৰৰ ভাব ফুটাই তুলিব পৰাতেই কবিৰ কৃতিত্ব প্ৰকাশ পাইছে।
এই কেইটাৰ পিছতে “বালি-ভাত”, “হোমৰ কাষত”, “কুসুম”, “মাধৈ- মালতী”, “পপীয়া তৰা”, “পদুম", “উপেক্ষা”, “অতৃপ্তি”, আদি এবুৰিমান কবিতা ভাব আৰু অনুভূতিৰ ফালৰ পৰা বিশেষ উল্লেখযোগ্য। ইয়াৰ উপৰিও