সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫০
অসমীয়া সাহিত্যৰ অধ্যয়ন


সেই কথা কব নোৱাৰি নিশ্চয়! উদাহৰণ স্বৰূপে, ৰাজখোৱা দেৱৰ “অতিথি,’’ “আকাশী লতা,” “অমা-নিশা” আদি কবিতাবোৰ, গড়-লেখৰ বৰ্ণ-হীন বৈচিত্ৰ্য- হীন অসমীয়া কবিতা নহয়। দুই এটা বঙলুৱা শব্দৰ অনধিকাৰ প্ৰবেশৰ কথা এৰি দিলে, লেখকৰ “অতিথি” কবিতাটি আধুনিক অসমীয়া কাব্য-সাহিত্যৰ এপাহি নজহা-নপমা ফুল।

 “অতিথি, নাহিলাঁ ফিৰি?
পাৰি থোৱা মোৰ শূন্য আসন তাতেই থাকিল পৰি!
কত কিশোৰীৰ চকুৰ বিজুলী চকুতে মলঙি গল,
কত প্ৰেমিকাৰ আকুল বাসনা হিয়াতে বিলীন হল।
কতনো ফুলিলে মাধই-মালতী, কতনো পৰিল সৰি;
মোৰ যে অতিথি আজিও নতুন, আৰুতো নাহিলে ফিৰি।”

 ইয়াৰ নায়িকাৰ দৰে এই কবিতাও “চপলা লক্ষ্মী” আৰু সদায় “আজিও নতুন”! অনিৰ্দ্দিষ্ট, ধুৱঁলি-কুঁৱলী আৰু জোৰা দিয়া ভাব, আৰু লেছেৰি- বোটলা বচা বচা বা মিহি শব্দ-যোজনাৰ সমষ্টিয়েই য'ত “কবিতা” নাম পায়, তেনে অসমীয়া পঢ়ুৱৈ সমাজত “অমা-নিশা’’ৰ নিচিনা সৃষ্টিমূলক কল্পনাৰ মৌলিক ভাৱৰ আদৰ আজিয়ে নহব পাৰে, কিন্তু সদায় নহৈ থাকিব নোৱাৰে বুলি আমি বিশ্বাস কৰোঁ। “অমা-নিশা’’ক কবিয়ে অভিনয়ভাৱে সম্বোধিলে—

"খোপাত পিন্ধিলি তৰা-ফুল তই, মুখত বিজুলী-হাঁহি।
ৰিহা-আঁচলত জোনাকী-মুকুতা—আকউ ওলালি আহি।’’

 কিন্তু ততালিকে তেওঁ বুজিলে—“অভিসাৰ আজি নহয় নিশ্চয় মনৰ কামনা তোৰ৷’’

 এইদৰে অমানিশাৰ বীভৎস ৰূপ বৰ্ণাওঁতে দেশৰ দুৰ্দ্দশাৰ কথা মনত পৰিল,—আৰু চাওঁতে চাওঁতে অকল অসমৰ অতীতেই নহয়, জগতৰ অতীত অলিখিত বুৰঞ্জীত অমা-নিশাই কি ভাও দিছিল, সিও কবিৰ মনত পৰিল—

‘পাপী-সহচৰী কুলক্ষণী তই সৃষ্টি-পাতনিৰে পৰা,
তোৰ যে হৃদয় যুগ-যুগান্তৰ ভীষণ কাহিনী ভৰা।"
তোক দেখি মোৰ বুকু কঁপি যায়, আঁতৰ পিশাচী তই”—