পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“নিজৰা” কবিতা—শৈলধৰ

আধুনিক অসমীয়া কবিতা স্বৰূপতে পুৰণিৰ পো-পোৱালি নহয়; ই ইংৰাজী কাব্য-ফুলনিৰ “কলম’’ কাটি অনা ডালৰ গছহে। গতিকে ই পুৰণিৰ খোজত খোজ পেলাই অহা যে নায়েই, কোনো বিষয়ত তাৰ লগত উভতি ফেৰহে পাতিছে।

 যোৱা শতিকাৰ নব্বৈবোৰৰ পৰাই আধুনিক অসমীয়া কবিতাই বিশেষভাৱে প্ৰাণ পায়, কিন্তু তাৰ বিস্তাৰ হয় বৰ্ত্তমান শতিকাৰ প্ৰথম দশকৰ শেষৰ পৰাহে। “নিজৰা’’ৰ কবি শৈলধৰ ৰাজখোৱা দেৱ এই বিস্তাৰ-যুগৰ এজন লেখৰ কবি; আৰু এওঁ এওঁৰ সমসাময়িক আন একুৰি ছ-অঁৰা অসমীয়া কবিৰ লগত এই কালৰ অসমীয়া কবিতাৰ ভাব-ভাষা আদি সকলো গুণাগুণৰ ভাগী। হব পাৰে এই যুগৰ অসমীয়া কবিতাত ভাবৰ সৌষ্ঠৱতকৈ ভাষাৰ বিলাসিতাই সৰহখিনি লেখকৰ সৰহখিনি মনযোগ অধিকাৰ কৰিছে; হব পাৰে “আগৰে পৰা কবিতাৰ ভাষাত ব্যৱহৃত হোৱা শব্দ বুটলি আনি তাক যথাস্থানত খাপ খুৱাই সন্নিবিষ্ট কৰিব পৰা শক্তি’’কেই (“ভূমিকা”—সূৰ্যকুমাৰ ভূঞা) বহুতে বহুত সময়ত কবিত্ব বুলি ভ্ৰমত পৰিছে: তথাপি আমি পাহৰিব নালাগে যে সি আধুনিক অসমীয়া কবিতাৰ পাতনিৰ যুগহে, তাৰ পৰিণতিৰ কাল তেতিয়াও আহিবৰ নৌ।

 লেখকৰ “সামৰণী গীত’’টি অকল “নিজৰা"ৰে নহয়, বৰ্ত্তমান প্ৰায় অসমীয়া পদ-পুথিৰে মোখনিৰ দৰে বুলিব পাৰি—

“আকাশে বতাহে কি গীত শুনালোঁ,
 কোনে জানে তাক গাবলই!
নুফুটে সুৰত অসীমৰ কথা
 নিজানত ভাবি চাবলই।”

 বাস্তৱতে “পাহৰণিৰ’’ আহাৰ অসমীয়া বৰ্ত্তমান কবিতাত নিছেই তাকৰ নহব। কিন্তু “নিজৰা’’ৰ নাই-নাই বুলিও এঅঁৰা-দঢ়অঁৰা কবিতাৰ বিষয়ে