পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


হ্ৰস্বতাত মধুৰতা আছে নিশ্চয়; সেইহে ডাক্তৰৰ ছোৱালী সুপ্ৰভা আৰু কাছাৰীৰ বৰ মহৰীৰ লৰা হৰমোহনক মাক-বাপেকে সুভা আৰু হেমো বুলি মাতি সোৱাদ পায়; যেন চুটি কৰিলে নামৰ সোৱাদটো আৰু ঘনীভূত হয়! কিন্তু সুভা বা হেমোৰ মূলগত অৰ্থ কি বুলি যদি কোনো অৰসিক বৈয়াকৰণে সোধে তাৰ উত্তৰ দিলে দিব পাৰিব “মাক-বাপেকৰ আদৰে মাথোন।” সি যি হওক বাল্য কালৰ বিদায়ৰ লগে লগে এফালে সুভাই যেনেকৈ “কাপোৰ-বোৱা ভাত-ৰন্ধা আদি বনবিলাক মাকৰ কাষত বহি বহি শিকিবলৈ ধৰিলে”, আনফালে হেমোৱেও ভাল “সাজ-পাৰ পিন্ধি আলি-বাটেদি ফুৰা আৰু চুৰত হোঁপাত মন দিলে।” এই গতিত খোজ লৈ হেমো যিদিনা প্ৰবেশিকা পৰীক্ষাৰ জপনাত লাগি ৰোৱাৰ বাতৰি ওলাল, তাৰ তিন দিনৰ মূৰত ডাক্তৰ আন ঠাইলৈ যাব লগা হলত হেমোৱে সুভাহঁতক জাহাজত তুলি দিলেগৈ। জাহাজ এৰি দিলে। হেমোৱে ঘাটত ঠিয় হৈ জাহাজখনৰ ফালে চাইছিল। সকলোৱে চায়।’’ কিন্তু সেইদিনা হেমোক জাহাজ-ঘাটৰ পৰা উভতি আহোঁতে যেনে "বিমন’’ দেখা গৈছিল সকলোকে হয়বা তেনে দেখা নাযায়। সি নহওক, বুঢ়া বৰুৱা ডাঙৰীয়াই বটত হেমোক লগ পাই “ফেল হলে, বোপা, ইমান দুখ কৰিব পায় নে? এইবাৰ ভালকৈ পঢ়, পাচ হবি।” বুলি যি শান্ত্বনা দিলে, সি হেমোৰ “বিমন” অৱস্থা গুচোৱাত কি গুণ দিলে তাক অকল হেমোৱেই জানিছিল।

 তাৰ পাছত বহুত দিন গল। হেমোৱে শেহত ঘঁহি-পিহি বি-এত উত্তীৰ্ণ হৈ জীৱনৰ মহৎ উদ্দেশ্য সাধিলে আৰু মাটি-হাকিমৰ বিষয় খাই জীৱনটো ধন্য কৰিলে। ডাক্তৰ আৰু সুভাহঁত তাৰ পিছত কোন কলৈ গল, তাৰ ভু কোনেও ৰখা নাই, আন নালাগে হেমোৱেও। হেমো এতিয়া ষোল কলায় “হা-কিম’’! সৰু মানুহৰ তেওঁ পধুলিটো ভৰি নিদিয়ে। তথাপি কোনে জানে কিয় এখন বাগিচাৰ ২০|২১ টকীয়া কেৰাণী এজনৰ লগত কেনেকৈ ক্ৰমে এই হাকিমৰ ঘনিষ্ঠতা বাঢ়িল। সৰহ কি, এদিন তেওঁ কেৰাণীজনৰ ঘৰত খাই-মেলি ৰাতিও কটালে। কিন্তু পিছদিনা পুৱা আলহী যোৱাৰ পিছত কেৰাণী আৰু ঘৈণীয়েকৰ ভিতৰত যি কথা-বাৰ্ত্তা হৈছিল, তাৰ সাৰাংশ হল ঘৈণীয়েকে খৰচৰ অজু হাত দেখুৱাই হাকিমক তেওঁলোকৰ ঘৰলৈ আহিবলৈ মানা কৰিবলৈ কলে।—