পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৭
“গল্পাঞ্জলি“ সাধু—শৰৎচন্দ্ৰ


এই সাধুটোৱেও “পঞ্চতন্ত্ৰ’’ত ঠাই পাবৰ কাৰণ হয় এয়ে, সংগ্ৰাহকে তাৰ হাস্যৰসখিনি এৰি দিবলৈ টান পালে। ৰজাৰ লৰাক ৰাজকীয় বিষয়ে উপদেশ দিবলৈ যুগুত কৰা,“হিতোপদেশ” গ্ৰন্থৰ মূলো সেই বৌদ্ধ “জাতক’’ গ্ৰন্থই।

 সি যি হওক, সকলো জাতিৰে নিজ নিজ জাতীয় সাধু-কথা আছে। কিন্তু বৰ্তমান আমি চুটি-সাধু বলিলে যি বুজোঁ। সি আধুনিক গঢ়ৰ। বৰ্ত্তমান কৰ্ম্মময় জীৱনৰ একোটি বিশেষ ক্ষণৰ একোটি যেন স্নেপশ্বট। ই “দেৱতাৰ উৎপত্তি" নকয়, “মানুহৰ উৎপত্তি’’ হে ইয়াৰ লক্ষ্য। আধুনিক চুটি-সাধু আঢ়ৈ শ তিনি শ শব্দৰ এটা কাহিনীও হব পাৰে, নাইবা দহ-বাৰ হাজাৰ শব্দৰ এখন গ্ৰন্থও হব পাৰে; সেইদৰে লেখকৰ লেখত ই কোনো চৰিত্ৰৰ এটি সামান্য আভাস মাথোন হব পাৰে, বা এটি ঘটনাৰ আলম লৈ অঁকা জীৱনৰ এখনি উৎকৃষ্ট চিত্ৰ-পটো হব পাৰে। মূল কথা, ই কল্পনাৰ এখনি নিখুত চিত্ৰ হব লাগিব, আৰু অতি তাকৰ নায়ক-নায়িকা আৰু সামান্য ঘটনাৰ সহায়েৰে তাৰ ফল দিব লাগিব। ইয়াত উপন্যাসৰ ব্যাপকতা, তাৰ বহল পৰিধি একোৱেই নাই : উপন্যাসৰ দীঘ-বাণী বওঁতে সেৰেঙা থাকি গলে আন মন্তব্যেৰে পূৰাই নিবৰ যি সুবিধা আছে, চুটি-সাধুত সিও নাই। মুঠতে চুটিসাধুৰ কলা উপন্যাসৰ কলাতকৈ সুকীয়া আৰু হয়বা কঠিনো, আৰু বৰ্ত্তমান গঢ়ত উপন্যাসতকৈও আধুনিক ই ইউৰপীয় আমদানি।

 বৰ্ত্তমান অসমীয়া সাহিত্যক আধুনিকতাৰ এই নতুন নিৰ্ম্মালি আনি দি যিসকলে নিজক ধন্য কৰিছে, শৰৎচন্দ্ৰ গোস্বামী সেইসকলৰ ভিতৰৰ এজন আগ-ৰণুৱা, আৰু “গল্পাঞ্জলি” তেখেতৰ দানসমূহৰ ভিতৰত প্ৰথম। বিদেশী কলা এটাৰ মৰ্য্যদা অসমীয়া সাহিত্যত কিদৰে ৰক্ষিত হৈছে, তাকেই বিচাৰ কৰি তাৰ পৰাই এই বিষয়ত লেখকৰ কৃতিত্ব অনুমান কৰিব লাগিব। পুথিখনি সৰু; ইয়াৰ এঘাৰটি চুটি-সাধুৰ ভিতৰত লেখকে আধুনিক অসমীয়া জীৱনৰ যিকেখনি চিত্ৰ আঁকিবৰ চেষ্টা কৰিছে, সেইবোৰ সাধাৰণতে কিমান নিখুত হৈছে তাকেই পোনতে চাব লগীয়া! নকলেও হব, চুটি-সাধুৰ গুণ বিচাৰিব লাগিব তাৰ ভাষাৰ তাত, যেন “হুমুনিয়া” একোটিয়ে অসাধ্য সাধিব, সাতকাণ্ড ৰামায়ণ কয়?” তাৰ গুণ বিচাৰিব লাগিব লেখকৰ পৰ্য্যবেক্ষণত, চৰিত্ৰ-বিশ্লেষণ, আৰু বিচাৰিব লাগিব সৌন্দৰ্য্য-বোধ আৰু বহল মানৱী সহানুভূতি; কিয়নো ই সাহিত্যৰ এটি বিশেষ অঙ্গ।