পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


 হ’মাৰ বা আন তেনে কবি ওলোৱাৰ আগতে খৃষ্টপূৰ্ব্ব প্ৰায় চাৰি হাজাৰ বছৰৰ আগৰে পৰা ইজিপ্ট, আদি ঠাইত এনে সাধু-কওঁতা ওলাইছিল। খৃষ্টপূৰ্ব্ব যষ্ঠ শতিকা বুদ্ধদেৱৰ কাল; ৰসাল সাধুৰ সহায়েৰে তেওঁ তেওঁৰ ধৰ্ম্ম- উপদেশবোৰ জনসাধাৰণৰ মনত সুমুৱাই দিছিল, আৰু তেওঁৰ শিষ্যসকলেও ধৰ্ম্ম-প্ৰচাৰৰ এই বাটকে ধৰিছিল। উত্তৰ ভাৰতৰ প্ৰায়বোৰ সাধুকে বৌদ্ধসকলে ব্যৱহাৰ কৰিছিল আৰু বুদ্ধদেৱৰ তিৰোভাৱৰ পাছত প্ৰায় ৫৫০টা এনে সাধু গোটাইছিল। এই সাধুবোৰেই ভাৰতবৰ্ষৰ পৰা পাৰশ্যলৈ আৰু ছিৰিয়াৰ পৰা গ্ৰীছলৈ বিয়পি পৰিছিল। খৃষ্টীয় চৈধ্য শতিকাত প্লেনুডছ নামে এজন গ্ৰীক ভিক্ষুৱে এই সাধুবোৰকে নি ঈছপে কোৱা বুলি ইউৰ’পত প্ৰচাৰ কৰেগৈ। গতিকে বৌদ্ধসকলৰ এনে কিছুমান চুটি আৰু পাতল জন্তু-সাধুৱেই ‘ঈছপৰ সাধু' বুলি ছদ্মৰূপত প্ৰকাশিত হৈছে।

 ‘সিংহ ছাল পিন্ধা গাধ’ৰ নিচিনা সাধুৰ পৰাই মুল সাধুৰ উৎকৃষ্টতা সহজে ধৰিব পাৰি। বৌদ্ধসকলে কোৱা মতে সাধুটো হিন্দুৰ গাঁৱলীয়া জীৱনৰ এটি এধানমানি অথচ জলন্ত পট; তাত অসম্ভৱৰ ছাঁ অকণো নপৰে। “কথকী কাছ”ৰ দৰে চৰাই-পশুৱে কথা কোৱা সাধুবোৰতো ঘটনাৰ স্বাভাৱিকতা আৰু যুক্তি-যুক্ততা আছে; কিয়নো বুদ্ধদেৱৰ মূল ধৰ্ম্ম-মতৰ লগত সেইবোৰৰ সম্পৰ্ক আছে। বৌদ্ধ ধৰ্ম্মই কৰ্ম্ম-ফল আৰু জন্মান্তৰ-বাদ মানে আৰু কৰ্ম্মৰ নিকৃষ্টতা বা উৎকৃষ্টতা অনুসৰি জীৱই পশু-পখী বা নৰ-যোনীত জনম পায় বুলি ভাবে। বহুতৰ মতে, বৌদ্ধ ধৰ্ম্মৰ মূল ৫৫০ টা সাধুৱে বুদ্ধদেৱৰ ৫৫০ বা ততোধিক জন্মৰ পখী, পশু আৰু মানুহ জন্মৰ ভিন্ ভিন্ অভিজ্ঞতাকে বিৱৰিছে; এই বাবেই সেইবোৰৰ নাম “জাতক" বা জন্ম-সাধু। বুদ্ধ বিচাৰ সাধুটোৰ লগত ‘ছলমনৰ বিচাৰ’ সাধুটোৰ মিল ইমান অধিক যে বেবিলনৰ দাসত্বৰ অৱস্থাত হিন্দুৱে সেই হিব্ৰু গ্ৰন্থ পাইছিল বুলি বহুত পণ্ডিতে এতিয়াও বাদ কৰে।

 খৃষ্টপূৰ্ব্ব প্ৰায় ৪৪০ সনত “জাতক”ৰ সাধুবোৰ লিখিত অৱস্থালৈ অনা হয়। হিন্দু ধৰ্ম্মৰ পুনৰুত্থানৰ লগত হিন্দুয়ে ইয়াৰ ভালৰো ভাল সাধুবোৰ আনি পঞ্চতন্ত্ৰ নামে গ্ৰন্থ উলিয়ায়। খৃষ্টপূৰ্ব্ব দুশ বছৰৰ “বামুণ আৰু পিঠাগুড়ি’’ৰ নিচিনা মানৱ-চৰিত্ৰ অধ্যয়নৰ ৰহস্যপূৰ্ণ সাধু তাৰ ভিতৰতে সোমায়; দেখা- দেখিকৈয়ে বামুণৰ অতি-লোভ আৰু আপোন-পেটীয়া স্বভাৱক বিদ্ৰূপ কৰা