পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৫
“ৰঙ্গিলী’’ উপন্যাস—ৰজনীকান্ত


এনে এটা অসমীয়া গঢ় দিছে যে পঢ়িলে ইংৰাজী ঔপন্যাসিক-গুৰু ৰিচাৰ্দছন বা বঙালী বঙ্কিমচন্দ্ৰলৈ কেতিয়াও মনত পৰিব নোৱাৰে; কিন্তু মানৰ দিনীয়া কোনোবা অসমীয়া আজো-ককাৰ মুখৰ পৰা তেতিয়াৰ নিজ চকুৰে দেখা ঘটনাৰ জীৱন্ত বৰ্ণনা শুন যেনহে লাগে। উপন্যাস লিখাত ঘনে ঘনে পাঠকৰ গাত ঠেলিয়াই বা ভেজা দি কথা কোৱা, কথা-চোবোৱা বা পুনৰুক্তি কৰা ক্ৰুটিবোৰ যদিও বৰ্ত্তমান উপন্যাসৰ বাবে বৰ্জ্জনীয় বিষয়, তথাপি “ৰঙ্গিলী” উপন্যাস-কওঁতাৰ মুখত সেইবোৰ মাজে মাজে শুনি আমনি নাপাওঁহঁক; সৰহ কি, কেতিয়াবা হয়বা তাৰ কাৰণেই উপন্যাসখন পঢ়িবলৈ অধিক আগ্ৰহ ওপজে।

 অসমীয়া কাব্য বা নাটক-উপান্যাস লিখিবলৈ সঁজুলি নাপাই কোনো কোনোৱে হেনো চন-মূৰ উৎপাত কৰে; কিন্তু অসম বুৰঞ্জীত আৰু অসমীয়া সমাজত তেনে সাহিত্যৰ কিমান সমল বিচাৰিলেই পাবলৈ আছে তাক “ৰঙ্গিলী’’ পঢ়ি সহজে অনুমান কৰিব পাৰি। অতীত বুৰঞ্জী যে জেওৰা খৰিৰ দৰে জীয়া-মৰাৰ শুকান কথাই অকল নহয়, অতীতৰ অসমীয়া জাতি যে আজিতকৈ শ শ গুণে জীৱন্ত, এই কথা এই উপন্যাসখনিত এবাৰ চকু ফুৰালেও ধৰা নপৰাকৈ নাথাকে। অকল “ৰঙ্গিলী” পঢ়িও দেশ-প্ৰাণজনে মুকলি-মূৰীয়া স্বাধীন অসমীয়াৰ জাতীয় উৎসৱ-আনন্দ আৰু চ’তৰ সাত-বিহুৰ পৱিত্ৰ ৰঙ-ধেমালিৰ কথা পঢ়ি আজিৰ মৰা-মুগা যেন প্ৰাণ-হীন পৰাধীন অসমীয়া জাতিৰ বিষম ভাগ্য-বিপৰ্য্যয়ৰ কথা ভাবি চকুলো টুকিব পাৰিব, বা দুই কালৰ ৰাজনৈতিক সাদৃশ্য-বৈসাদৃশ্য আলোচনা কৰি নানান গৱেষণামূলক- তত্ত্বত উপনীত হব পাৰিব।

 আশ্চৰ্য ঘটনা, লোমহৰ্ষক কাহিনী, অভিনয়োপযোগী সামৰণি, ইয়াত একো নাই; কিন্তু প্ৰকৃত উপন্যাসৰ সকলো সজ গুণ ইয়াত বৰ্ত্তমান। মানৱ- চৰিত্ৰ বিশ্লেষণত “ৰঙ্গিলী” লেখকৰ এটি আপুৰুগীয়া বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্য অকল অসমীয়া সাহিত্যতে নহয়েই, সমগ্ৰ সাহিত্য-জগততে অতি তাকৰ সাহিত্যিকহে তেনে বিশিষ্ট গুণৰ অধিকাৰী হব পাৰে। লেখকে চৰিত্ৰবোৰ পৰিপাটি, সঠিক আৰু সূক্ষ্মভাৱে ফঁহিয়াই চোৱাৰ চিন আছে। তেওঁৰ দৃষ্টি বহুত সময়ত তীক্ষ্ণ অথচ মৰমিয়ল। ইংৰাজ ঔপন্যাসিক- মণ্ডলীত হেনৰি ফিল্ডিং এনে ধৰণৰ চৰিত্ৰ-সমালোচক ৰূপে সুবিখ্যাত। তেওঁৰ তীব্ৰ দৃষ্টিৰ আগত লোকৰ দোষ সাৰি যাব নোৱাৰিছিল; কিন্তু তেওঁ