পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৭
“বীণ-বৰাগী’’ কবিতা—চন্দ্ৰকুমাৰ


“দিব্য দৃষ্টি”ৰ প্ৰভাৱত এক অসীম কবিত্বপূৰ্ণ সৃষ্টি ওপঙি উঠিল; আৰু তাক চাবলৈ আমাৰো “অন্তৰ-দাপোণ” সহজে মুকলি হল। তেতিয়া দেখিলোঁ—

“নীলিম পুণ্যৰ প্ৰভাই জিনিছে শ্যামল পৃথিবীখন।
মহা জলাশয় সাগৰ গৰ্জ্জিছে উত্তাল নিমগন॥
সৰগী বায়ুৰ ৰিবৰিবনিত পুনৰ থমকি ৰয়।
হৃদি-সিন্ধু বাৰি ফুটন্ত হাঁহিৰে শতধা বাগৰি বয়॥
লোকালোক সউ মুখৰিত হল, উদিল পূজাৰ বেলি।
জুৰিলে হেঙলি ধূপ-ধুনাৰেই নীলিমাৰ খেলি-মেলি॥
কতনা কালৰ মানৱ-সন্ততি আৰাধিছে বিয়াকুল।
বিশ্বৰ প্ৰেমত বিভোৰ মগন উছৰ্গি ভকতি ফুল॥’’

কবিত্ব বিষয়তো এই শাৰীৰোৰ অতি গুখ ভাবাপন্ন আৰু সুচনামূলক সৌন্দৰ্য্যেৰে ভৰপূৰ। ভাষা আৰু ছন্দও ইয়াত মূৰ্ত্তিমান। তাৰ প্ৰসাদত আমি ইয়াৰ “সৰগী বায়ুৰ ৰিবৰিবনি” আৰু “ফুটন্ত হাঁহি’’ৰ আশীষ উপভোগ নকৰি নোৱাৰোঁ, আৰু এই পৱিত্ৰ যজ্ঞৰ “হেঙুলি ধূপ-ধুনাৰ” গোন্ধত আমাৰ প্ৰাণ পৰম পৱিত্ৰ হৈ উঠে।

 ইয়াৰ পাছতেই “আনন্দ-তীৰ্থ’’ৰ বাতৰি। এই “আনন্দ-তীৰ্থ সৱাতো উত্তম”, আৰু তালৈ যাবলৈও “হিয়াৰ মাজেই অনন্ত পথ”। এই তীৰ্থৰ বৰ্ণনাও অতীব মনোৰম, অতীব সৌন্দৰ্য্যব্যঞ্জক। শুনা মাত্ৰই মন তাৰ পৱিত্ৰ ভাৱেৰে উপচি পৰে।—

“সেউজী ৰসাল বটে আবৰিছে, দয়াই বিতৰে ছঁয়া।
ফটিক সুৱদি নিজৰাৰ ধাৰে বাটৰ হৰিছে পয়া॥
নীল আকাশত বগলী পাখিৰে চোঁৱৰ ধৰিছে মেঘে,
মলয়ে আনিছে সাগৰ কাষৰ তীৰ্থৰ বাতৰি বেগে।
আহাঁ কোন যাবা দিগন্তৰ শেষ, আহাঁ শুব আশা লৈ।
অন্তৰ-বাসনা মন-মলিয়ন দলিয়াই পেলাই থৈ॥’’

কবিৰ এই আহ্বান পোৱা মাত্ৰেই আমাৰ—“ভিদ্যতে হৃদয় গ্ৰন্থিঃ ছিদ্যন্তে