পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“বীণ-বৰাগী” কৱিতা—চন্দ্ৰকুমাৰ

“প্ৰতিমা’ৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ এইখনি দ্বিতীয় কবিতাৰ পুথি; সেই নবীন খনিকৰেই এতিয়া প্ৰবীণ বীণবৰাগী ৰূপে সাহিত্য- ক্ষেত্ৰত দেখা দিছে। খনিকৰৰ ভাষা যেনে নবীন, ভাব আৰু অভিজ্ঞতাও তেনে ভৰুণ; তেওঁৰ “হৃদয়ৰ মন্দিৰত লুকুৱা প্ৰতিমা” আৰু প্ৰাণত আধা- ফুটা আবেগৰ ইমান জুমুৰি।” বীণ-বাৰাগীৰ সুৰত সেই সুকুমাৰতাৰ ফালে সিমান লক্ষ্য নাই, তেওঁৰ বীণ অনন্ত যাত্ৰাৰ অনন্ত ভাগৰ-দুখৰ কাহিনী ভাৰ বৈয়ে ব্যাকুল।

“শুনিবা প্ৰাণৰ বীণখনি মোৰ, আহিছোঁ ভাগৰ দুখে।
বেজাৰৰ কথা কৈও অন্ত নাই, মাতও নুফুটে মুখে॥’’

 ই “আধাফুটা আবেগৰ” কোমল লহৰী নহয়। সমুদ্ৰৰ জোৱাৰত উঠা ঢৌ নৈৰ মুখ সোমাব খোজোঁতে ওফৰি উঠাৰ দৰে, ভাষাৰ মিলনত ওফন্দি উঠা ভাব-জোৱাৰৰ ঢৌ মাথোন। বীণৰ ঘাই সুৰ, বীণ-বৰাগীৰ মুখ্য বাণী, “মৰমেই ধৰম।’’ খনিকৰে এই মৰমৰ বহনকে “প্ৰতিমা’’ৰ ভিতৰেদি জিলিকাই তুলিছিল। মৰম-কুমলীয়া-হিয়া খনিকৰে গাইছিল—

‘মানৱী জনম দিয়াঁ উটুৱাই, মানৱী কৰম-সোতে।
মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে॥’’
“মানুহৰ চোতালত মাধুৰী ফুটিলে, মানুহে নিচিনি হায়।
সাৰি-তুলি ছিঙি মোহাৰি পেলালে, মানুহৰ মৰমো নাই।”

অনন্ত-যাত্ৰাৰ যাতনা-ক্লিষ্ট বীণ-বৰাগীয়ে তাকে পুনৰ প্ৰতিধ্বনিত কৰিছে—

“ফুলনিৰ ফুল লখিমী জীয়ৰী, দলিছে ভৰিৰে হায়। সৰগী বস্তুৰ কি জানিব মোল? পৃথিবী পাপৰ ঠাই॥”

কবিৰ হৃদয়ৰ দুখ-বেথাও এখনি হিয়াৰ ভাৰ নহয়; শতেক জীৱনৰ